Home Main Stories কাইলৈৰ পৰা অসম গ্ৰন্থমেলা ! ৯ জানুৱাৰীলৈ চলিবলগীয়া গ্ৰন্থমেলাত থাকিব দেশ-বিদেশৰ মুঠ...

কাইলৈৰ পৰা অসম গ্ৰন্থমেলা ! ৯ জানুৱাৰীলৈ চলিবলগীয়া গ্ৰন্থমেলাত থাকিব দেশ-বিদেশৰ মুঠ ১১৫ খন গ্ৰন্থ বিপনী

623
0

গণবাৰ্তা, গুৱাহাটী, ২৮ ডিচেম্বৰ : কাইলৈৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ।এইবাৰ প্ৰথমবাৰৰ বাবে অসম গ্ৰন্থমেলাত প্ৰদান কৰা হ’ব সাহিত্য বঁটা। এই বঁটা লাভ কৰিছে  ডঃ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ নামৰ গ্ৰন্থখনে। ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ’ব লগা অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা।এই বঁটাত আছে দুই লাখ টকাৰ মাননি। লিখক আৰু প্ৰকাশকক প্ৰদান কৰা হ’ব এই মাননি। এই গ্ৰন্থখনৰ জ্যোতি প্ৰকাশনৰ হৈ প্ৰকাশ কৰিছিল নগেন শৰ্মাই। গ্ৰন্থখন নিৰ্বাচন কৰা দুতৰপীয়া সমিতিত আছিল সুমন্ত চলিহা, কৰৱী ডেকা হাজৰিকা, দীপ্তি ফুকন পাটগিৰি, লিনা শৰ্মা, উৎপল দত্ত। প্ৰথম বাৰৰ বাবে গুৱাহাটী গ্ৰন্থ মেলা আৰু উত্তৰ পূব গ্রন্থ মেলা একেলগ হৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থ মেলা। ২৯ ডিচেম্বৰৰ ২০২১ ৰ পৰা ৯ জানুৱাৰী ২০২২লৈ হ’ব এই গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত হ’বলগীয়া গ্ৰন্থমেলাক লৈ চলিছে ব্যাপক প্ৰস্তুতি। ৯ জানুৱাৰীলৈ চলিবলগীয়া গ্ৰন্থমেলাত থাকিব মুঠ ১১৫ খন ষ্টল। ইয়াৰে দিল্লীৰ ১০ খন,কলকতাৰ আৰু ঢাকাৰ ৫ খনকৈ ষ্টল। বুধবাৰৰ পৰা আৰম্ভ হবলগীয়া অসম গ্ৰন্থমেলাৰ বাবে সাজু হৈ উঠিছে গ্ৰন্থ । পাঠকক নতুন নতুন গ্ৰন্থৰ সুবাস দিয়াৰ বাবে গ্ৰন্থমেলালৈ কেইবাখনো নতুন গ্ৰন্থ লৈ আহিছে পুথি প্ৰকাশক আৰু বিক্ৰেতাসকল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here