গণ বাৰ্তা, ধিং, ২৪ অক্টোবৰ: মৃত্যু এক শিল্প৷ মৃত্যু এদিন সকলোৰে আহে৷ কিন্তু এজন মানুহে কিমান অপমানত জৰ্জৰিত হ’লে বাছি লয় আত্মহত্যাৰ পথ, কিমান মানসিক অত্যাচাৰ সহিব নোৱাৰি বাছি লয় এনে কঠোৰ সিদ্ধান্ত, এই কথা হয়তো আপুনি-মই উপলব্ধি কৰিবলৈ অলপ হ’লেও কঠিন হ’ব৷ এনেই এক মৰ্মান্তিক তথা হৃদয়স্পৰ্শী ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙৰ বেঙেনাআটীত৷ ধিঙৰ বেঙেনাআটীৰ খুৰছেদ আলী নামৰ এজন লোকে ঘৰ নিৰ্মাণৰ বাবে সামান্য টকাৰ সা-সামগ্ৰী বাকীত দিছিল একেখন গাঁৱৰে হাৰ্ডৱেৰ ব্যৱসায়ী নাজিম উদ্দিনৰ পৰা৷ এক লাখ-দুই লাখ নহয়, মাত্ৰ ছয় হেজাৰ টকাৰ বাকীয়েই কাল হ’ল খুৰেছেদ আলীৰ৷ বাকীৰ টকা বিচাৰি ব্যৱসায়ী নাজিম উদ্দিন আৰু তাৰ ভাতৃ নছুৰ উদ্দিনে কৰা ৰাজহুৱা অপমান আৰু মানসিক হাৰাসাস্তি সহিব নোৱাৰি খুৰছেদ আলীয়ে অৱশেষত বাছি ল’ব লগা হ’ল আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত৷ খুৰছেদ আলীৰ পৰা পাব লগা ছয় হেজাৰ টকাৰ বাবেই দুদিন মানৰ পূৰ্বে খুৰছেদক নাজিম উদ্দিন আৰু তেওঁৰ ভাতৃ নছুৰ উদ্দিনে ধিং বজাৰত লোকজনক কৰিছিল ৰাজহুৱা অপমান, গতিয়াই উলিয়াই দিছিল দোকানৰ পৰা৷ অকল এয়াই নহয়, নাজিমে খুৰছেদৰ ঘৰত গৈয়ো অকথ্য গালি-গালাজ পাৰি কৰিছিল মানসিক হাৰাসাস্তি৷ নাজিমৰ এনে অপমান সহ্য কৰিব নোৱাৰি অৱশেষত লোকজনে নিজৰ গাত পেট্ৰ’ল ঢালি অগ্নি সংযোক কৰিবলৈ বাধ্য হয়৷ পিতৃৰ অগ্নি নিৰ্বাপণ কৰিবলৈ যাওঁতে বেয়াকৈ অগ্নিদগ্ধ হয় তেওঁৰ চাৰি সন্তান৷ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা খুৰছেদক লগে লগে ধিং এফ আৰ ইউত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত নগাঁও আৰু অৱশেষত গুৱাহাটীৰ জি এম চি এইচলৈ লৈ যায় যদিও যোৱানিশা মৃত্যু হয় খুৰছেদ আলীৰ৷ মৃত্যুৰ আগতে খুৰছেদে কয় এই ঘটনাৰ সকলো কথা, তেওঁৰ মৃত্যুৰ বাবে যে নাজিম আৰু নছুৰ দায়ী বুলি কয়৷ খুৰছেদৰ পৰিয়ালৰ লোকৰো একেই অভিযোগ৷ ইতিমধ্যে মৃত খুৰছেদৰ পৰিয়ালে ধিং আৰক্ষী থনাত নাজিম আৰু নছুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও ধিং আৰক্ষীয়ে বৰ্তমানেও কোনো এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷