Home স্থানীয় কলগাছিয়াৰ গুনীয়ালগুৰি ভয়ংকৰ পথ দুৰ্ঘটনা

কলগাছিয়াৰ গুনীয়ালগুৰি ভয়ংকৰ পথ দুৰ্ঘটনা

207
0

গণ বাৰ্তা, কলগাছিয়া,২৮ এপ্ৰিল :– কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া-গুনীয়ালগুৰি সংযোগী পথত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী ৬০ ৰ উৰ্ধৰ বৃদ্ধ। জানিব পৰা মতে কলগাছিয়াৰ পৰা গুনীয়ালগুৰি অভিমুখী AS15U 1376 নম্বৰৰ TVS RADEON তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰ ভাবে আহত চাইকেল আৰোহি গুনীয়ালগুৰি গাঁওৰ শ্বাসাজ উদ্দীন নামৰ বৃদ্ধ গৰাকী। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰ ভাবে আহত বৃদ্ধ গৰাকীক কলগাছিয়াস্থ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ কাৰণে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে ৰকিবুল ইছলাম আৰু ইকবল হুছেইন নামৰ বাইক আৰোহি দুজনে নীচাসক্ত থকাৰ বাবেই হেনো ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ কৰিছে প্ৰত্যক্ষদর্শীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here