Home অসম মেনেজমেণ্টৰ অকৰ্মণ্যতাৰ বাবেই নামৰূপ সাৰ কাৰখানাৰ শ্মশান যাত্ৰা?

মেনেজমেণ্টৰ অকৰ্মণ্যতাৰ বাবেই নামৰূপ সাৰ কাৰখানাৰ শ্মশান যাত্ৰা?

162
0


বিশেষ প্ৰতিনিধি, ১৫ ছেপ্টেম্বৰ:
কৃষকৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত প্ৰায় ১৯৬৫ চনতে নামৰূপত ৰাজহুৱা খণ্ডত নিৰ্মাণ কৰা হৈছিল উওৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ লাভজনক উদ্যোগ নামৰূপ সাৰ কাৰখানা৷ বৰ্তমান নীতিগতভাৱে নিৰ্মাণ কৰা তৃতীয় গোটটোৰ ম্যাদ কেতিয়াবাই উকলি যোৱাত চতুৰ্থ গোটৰ নিৰ্মাণৰ দাবীৰে গণতান্ত্ৰিক পদ্ধতিৰে অসমৰ দল-সংগঠন তথা সাধাৰণ জনতাই এতিয়া প্ৰায় ১৬ বছৰত ভৰি থ’লেহি৷ দুখৰ বিষয় অসমবাসীৰ স্বাভিমানক ভৰিৰে মোহাৰি সাধাৰণ জনতাৰ দাবীক আওকাণ কৰি বৰ্তমান চৰকাৰে এই উদ্যোগটোক পঁুজিপতিৰ হাতলৈ হস্তান্তৰৰ চক্ৰান্ত কৰা বুলি ইতিমধ্যে অসমৰ কে’বাখনো দৈনিক কাকত তথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আনহাতে, সমান্তৰালকৈ নামৰূপতো জাতীয় দল-সংগঠনবোৰ চৰকাৰৰ তেনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে৷ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত একাংশ কংগ্ৰেছ কৰ্মীৰ লগতে এসময়ৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী [প্ৰাক্তন] প্ৰণতি ফুকনে তাচ্চিল্য কৰি কয় যে সাৰ কাৰখানাৰ এনে শোচনীয় পৰিণতিৰ কাৰণ বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ চৰম অনীহাৰ লগতে কাৰখানাৰ মিছ মেনেজমে°ট তথা ইউনিয়নসমূহৰ হেমাহি আৰু গাফিলতি৷ তেওঁ সজোৰে কয় যে কোনো কাৰণতে সাৰ কাৰখানাক পঁুজিপতিৰ হাতলৈ যাবলৈ দিয়া নহ’ব৷ এইক্ষেত্ৰত ৰাইজ, দল-সংগঠনৰ সহযোগিতাৰ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here