গণ বাৰ্তা, গোৱৰ্ধনা, ১৬ অক্টোবৰ: বেঁকী নৈত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়৷ বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰীত সংঘটিত নাও দুৰ্ঘটনাটোত এগৰাকী মহিলা নিখোজ হোৱাৰ লগতে আহত হয় নগৰাকীকৈ লোক৷ আহতসকলৰ সাতগৰাকীক বৰপেটাৰোড অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে দুগৰাকীক সংকটজনক অৱস্থাত বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে পেটৰ তাড়নাত বাক্সাৰ খাগ্ৰাবাৰীৰ পৰা নাৱেৰে দিন মজুৰি কৰিবলৈ চূণবাৰীলৈ গৈ থকা অৱস্থাত দহজনীয়া পুৰুষ-মহিলা শ্ৰমিকৰ দল এটাৰ লগতে নাওখনত থকা দহটাকৈ ছাগলীসহ নাওখন হঠাতে ডুব যায় বেঁকীত৷ ইয়াৰে নজনকৈ শ্ৰমিক জীৱন্তে উদ্ধাৰ হোৱাৰ বিপৰীতে এগৰাকী মহিলা শ্ৰমিক সন্ধানহীন হৈ পৰে আৰু পশুধনৰো এটাৰ মৃত্যু হোৱাৰ লগতে নটাকৈ পশুধন উদ্ধাৰ কৰা হয়৷ বেঁকীৰ বুকুত নিখোজ হোৱা মহিলাগৰাকী খাগ্ৰাবাৰী গাঁৱৰ জগদেও ৰাম ৰবিদাসৰ পত্নী লক্ষ্মিণী ৰবিদাস [৪৩] বুলি জানিব পৰা গৈছে৷ ৰাতিপুৱা ১০ বজাৰ পৰা গোৱৰ্ধনা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে ৰাইজৰ সহযোগত বেঁকীত নিখোজ মহিলাগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈ মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ অতি দৰিদ্ৰ মহিলাগৰাকীয়ে জীৱিকা নিৰ্বাহ কৰাৰ উদ্দেশ্যে ৰাওনা হৈছিল বেঁকীৰ আনটো পাৰলৈ৷ সন্ধানহীন মহিলাগৰাকীৰ পৰিয়ালটোত এতিয়া এগৰাকী কন্যা সন্তানৰ লগতে তিনিটা ল’ৰা সন্তান অসহায় হৈ পৰিছে৷ উল্লেখযোগ্য যে প্ৰচণ্ড সোঁত ফালি যন্ত্ৰচালিত নাও ব্যৱহাৰৰ পৰিৱৰ্তে নাওৰীয়াই ভৰস¸া কৰি দীৰ্ঘদিন ধৰি চলাই আহিছিল যন্ত্ৰবিহীন কেৱল বঠা ব্যৱহাৰেৰে নাও৷ আজিও প্ৰচণ্ড ঢৌৰ মাজেৰে আগবাঢ়ি গৈ থকা নাওখন হঠাতে পানীত ডুব যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় লোকসকলক৷ নাৱৰীয়াৰ ভুলৰ বাবেই আজিৰ ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে জানিবলৈ দিছে৷