Home স্থানীয় বৰপেটাৰ চতলাৰ যুৱকক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত

বৰপেটাৰ চতলাৰ যুৱকক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত

361
0

গণ বাৰ্তা, ভেল্লা, ১৮ এপ্ৰিল: বৰপেটাৰ চতলা গাঁৱৰ যুৱক এগৰাকীয়ে বহৰিৰ নিকটতম পদ্মপাৰাৰ বান্দালীলৈ গৈ অন্তৰ্ধান হোৱা খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পৰিয়ালৰ লোকে যুৱকজনক হত্যা কৰি নদীত পেলাই দিয়াৰ দাবী কৰিছিল আৰু সেই দাবী সত্য প্ৰমাণিত হোৱাৰ দিশত আগবাঢ়িছে৷ কিয়নো আজি ১৮ এপ্ৰিলত নিৰুদ্দিষ্ট যুৱকজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হয়৷ প্ৰেমিকাক উপহাৰ হিচাপে মোবাইল এটি দিবলৈ গৈ শুংসূত্ৰ নাছিল প্ৰেমিকৰ৷ ঘটনাৰ বিৱৰণী মতে, বৰপেটাৰ চতলা গাঁৱৰ চৌকত আলীৰ পুত্ৰ ৰুবুল হকে শনিবাৰে ২.৩০ বজাত বহৰিৰ নিকটতম বান্দালীৰ প্ৰেয়সী ৰমেনা খাতুনক লগ ধৰিবলৈ গৈছিল৷ গুৱাহাটীত বি ফাৰ্ম পঢ়ি থকা ৰুবুলে প্ৰেয়সী খাতুনক উপহাৰ হিচাপে দিবলৈ গৈছিল এটি মোবাইল ফোন৷ মোবাইল ফোনটো দি প্ৰেমিকা ৰমেনা খাতুনৰ সৈতে প্ৰেমিক ৰুবুল হকে ফুৰিব গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত৷ কিছুসময় থকাৰ পিছত সন্ধিয়া হয় আৰু তাৰ পিছতে নিৰুদ্দেশ হয় ৰুবুল হক চৌধুৰী৷ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ৷ ঘটনাক লৈ ৰুবুলৰ পৰিয়ালৰ লোকে তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ এখন দাখিল কৰে৷ এজাহাৰত দাৰুক আলী, ছাইফুল ইছলাম, ইনজামুল খান, আমিৰুল ইছলাম, বাদশ্বাহ ফকিৰ, ফৰিদুল ইছলাম, জয়নাল মিঞাকে ধৰি জ্জ্বগৰাকী যুৱকে মিলি ৰুবুল হক চৌধুৰীক হত্যা কৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়াৰ অভিযোগ তোলে৷ উল্লেখযোগ্য যে, প্ৰেয়সী খাতুনে বান্দালীৰ কেইবাগৰাকী যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল৷ অলপতেও এগৰাকী যুৱকৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা ঘটিছিল৷ প্ৰেমিক যুগলে ব্ৰহ্মপুত্ৰ পাৰত থকাৰ সময়ত এটি দুৰ্বৃত্তৰ দল আহিছিল৷ সেই দুৰ্বৃত্তৰ দলটোৱে ৰমেনা বেগমক আঁতৰ কৰি প্ৰেমিক ৰুবুলক উপৰ্যুপৰি আক্ৰমণ কৰে৷ যাৰ ফলত মৃত্যুমুখত পৰে ৰুবুল হক৷ তাৰ পিছত ৰুবুলৰ মৃতদেহটি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে৷ এজাহাৰত এইদৰে অভিযোগ তোলে ৰুবুলৰ পৰিয়ালৰ লোকে৷ অভিযোগ ভিত্তিত আৰক্ষীয়ে কেইবাজনো ব্যক্তিক আটক কৰে৷ ইপিনে ৰুবুলৰ মৃতদেহ উদ্ধাৰত ব্ৰহ্মপুত্ৰত নামি পৰে তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনী৷ কিন্তু ৰবিবাৰলৈকে ৰুবুলৰ কোনো সম্ভেদ নাপালে বাহিনীটোৱে৷ আজি সোমবাৰে ৰুবুলক ব্ৰহ্মপুত্ৰ নদীৰ বহৰি পাৰঘাটত সমীপত পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ তাৰাবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দলে মৃতদেহটি উদ্ধাৰ কৰে৷ ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here