Home স্থানীয় পেলনীয়া সামগ্ৰীৰে ঘাহ কটা মেচিন উদ্ভাৱন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম...

পেলনীয়া সামগ্ৰীৰে ঘাহ কটা মেচিন উদ্ভাৱন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চতিয়াৰ এজন যুৱক

25
0

গণ বাৰ্তা, ইটাখোলা, ২২ জুলাইঃ বিশ্বনাথ জিলাৰ চতিয়াৰ উদয়পুৰ গাঁৱৰ এজন যুৱক ৰূপমঞ্জিল শ‌ইকীয়া পেশাত বন বিভাগৰ অস্থায়ী কৰ্মচাৰী বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত। এইজন যুৱকে ঘৰৰ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বিদ্যুৎ চালিত ঘাহ কটা মেছিন । যিটো মেচিনে কম সময়তে অধিক ঘাহ কাটিবলে সক্ষম হয়।
ৰূপমঞ্জিল শ‌ইকীয়া আজি কিছু দিনৰ আগতে ক’ভিডত আক্ৰান্তহৈ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধিনহৈ থকাৰ পাছত চতিয়াৰ নিজৰ গৃহত আছুতীয়াকৈ থকাৰ সময়তে এই মেচিনটো উদ্ভাৱন কৰে। মঞ্জিলে আশা কৰে চৰকাৰে এই ঘাহ কটা মেচিনটোক মান্যতা দিলে গো পালক সকল উপকৃত হোৱাকৈ নতুন ৰূপত এই মেচিন তৈয়াৰ কৰি বজাৰত সহজলভ্য কৰিব পৰা যাব বুলি। এই মেচিনৰে গো পালকৰে নহয় ক্ষুদ্ৰ চাহ কৃষক উপান্ত কৃষক সকলেও খেতি পথাৰৰ পৰা ঘাহ বন চিকুনাৱ পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here