গণবাৰ্তা,ভূৰাগাঁও,২৫ ফেব্ৰুৱাৰীঃ নগাঁও জুৰিয়াত মদিনাৰ ইমাম চাহাবৰ পিছত জুম্মাৰ নামাজ পঢ়িবলৈ গৈ প্ৰাণ গ’ল লাহৰীঘাটৰ যুৱকৰ।যুৱকজনে বাইকেৰে বন্ধু এজনৰ লগত জুৰিয়ালৈ গৈ থকা অৱস্থাত বাটতে মাটি ভৰ্তি ডাম্পাৰৰ লগত মূখামূখি সংঘৰ্ষ ফলত থিতাতে নিহত হয় যুৱকজন।ঘটনাৰ বিৱৰণ অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাঁও পঞ্চায়তৰ অধীনস্থ বগলীপাৰা গাঁৱৰ নাজিৰল ইছলাম আৰু আজিজুল হক নামৰ যুৱক দুজনে বাইকেৰে জুৰিয়ালৈ গৈ থকা অৱস্থাত ধিঙৰ আঠ গাৱঁত বিপৰীত দিশৰ পৰা অহা মাটি ভৰ্তি AS02-CC7734 নম্বৰৰ ড্ৰাম্পাৰে মহতিয়াই নিয়াত নাজিৰুল ইছলাম নামৰ যুৱকজন থিতাতে নিহত হয় আৰু আজিজুল হক নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আজিজুল হকক প্ৰথমে ধিং হস্পিতালত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো প্ৰাণ হেৰুৱা নাজিৰুল ইছলামৰ পত্নীসহ দুটি কনমানি শিশু সন্তানক এৰি থৈ যায়।দুৰ্ঘটনাটোৰ খবৰে সমগ্ৰ লাহৰীঘাট অঞ্চলতে শোকৰ ছাঁ পেলাইছে।