Home Main Stories ভূ-মাফিয়াৰ সৈতে ৰাজ্যত চৈবৰে গঢ়ি তুলিছিল বৃহৎ নেটৱৰ্ক; আবকাচ আলী, আফজল হুছেইন,...

ভূ-মাফিয়াৰ সৈতে ৰাজ্যত চৈবৰে গঢ়ি তুলিছিল বৃহৎ নেটৱৰ্ক; আবকাচ আলী, আফজল হুছেইন, আইনুল আলীৰ ঘৰত তালাচী

393
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ আগষ্ট : চৰকাৰী পদবীৰ অপব্যৱহাৰেৰে ব্যাপক সম্পত্তি গঢ়ি তোলা চৈবৰ ৰহমানৰ সম্পত্তিৰ তথ্য বিচাৰি অসম আৰক্ষী তৎপৰ হৈ পৰিছে। বৰপেটাত তালাচী চলোৱাৰ পিছত আজি পুনৰ গুৱাহাটীত চৈবৰ ৰহমানৰ সম্পত্তিৰ তথ্য বিচাৰি মাৰাথন অভিযান চলায় আৰক্ষীয়ে। আজি হাতীগাঁৱৰ সিজুবাৰী, নটবমাত ব্যাপক অভিযান চলায় আৰক্ষীয়ে। সিজুবাৰীৰ ৩১নং বাসগৃহত অভিযান চলাই আৰক্ষীয়ে চৈবৰৰ সম্পত্তিৰ তথ্য বিচাৰে। উল্লেখ্য যে আক্কাছ আলী, আফজল হুছেইন, আইনুল আলীৰ সৈতে চৈবৰে মাটি বেচা-কিনা কৰাৰ এখন বৃহৎ বজাৰ গঢ়ি তুলিছিল। পূৰ্বতে গেলামালৰ দোকান দিয়া আক্কাছ আলীয়ে চৈবৰৰ সৈতে মিলি মাটিৰ দালালিত নামি পৰিছে। সম্প্ৰতি বিল্ডাৰ হিচাপে বিশেষ পৰিচয় আছে আক্কাছ আলীৰ। আনহাতে, আফজল হুছেইনৰ সৈতেও মাটিৰ ব্যৱসায় কৰিছিল চৈবৰে। এডিচি হৈ থকা বাবে প্ৰশাসনিক দিশত ব্যাপক দখল আছিল চৈবৰৰ। মাটি বেচা-কিনা কৰাৰ বাবে নামজাৰি তথা অন্যান্য বিভাগীয় কাম-কাজৰ ক্ষেত্ৰত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সহজেই ভূমি নামজাৰি কৰিছিল বা হস্তান্তৰ কৰিছিল। চৰকাৰী কৰ্মচাৰীয়ে অন্যান্য ব্যৱসায় কৰিব নোৱাৰে। কিন্তু চৰকাৰী নিয়মক ভেঙুচালি কৰি চৈবৰে বিভিন্নজনৰ সৈতে মাটি বেচা- কিনা কৰা তথা দখল কৰি নিজৰ নামত কৰাৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। ইপিনে, আজি আইনুল আলীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই পূৰ্বতে হোটেল ব্ৰহ্মপুত্ৰ অশোকাত কাম কৰা আইনুল আলীয়ে দীৰ্ঘদিন ধৰি চৈবৰৰ সৈতে মাটি বেচা-কিনা কৰাৰ ব্যৱসায়ত নামি পৰিছিল। লক্ষ্যণীয় যে ইতিমধ্যে আক্কাছ আলীক মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই চমন জাৰি কৰিছে। চৈবৰৰ সম্পত্তি সন্দৰ্ভত সোধা-পোছাৰ বাবে আক্কাছ আলীক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে, আজি অভিযানকাৰী দলটোৱে সিজুবাৰীত থকা আক্কাছ আলীৰ ভনীয়েকৰ ঘৰতো অভিযান চলায়। অৱশ্যে অভিযানকালত কোনো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। ইপিনে, আক্কাছ আলীৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে চৈধ্যখনকৈ মাটিৰ দলিল জব্দ কৰিছে। অভিযানকাৰী দলটোৱে চৈবৰৰ অবৈধ সম্পত্তিৰ সন্দৰ্ভত তথ্য উদ্‌ঘাটনৰ বাবে পুনৰ অভিযান চলোৱা হ’ব বুলি জানিবলৈ দিছে। লক্ষ্যণীয় যে গুৱাহাটী, বৰপেটাকে আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে ভূ-মাফিয়াৰ সৈতে মিতিৰালি কৰি বিভিন্ন স্থানত ভূমি ক্ৰয় কৰিছে চৈবৰ ৰহমানে। পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ অভিযানত আৰু নতুন নতুন তথ্য ওলাই পৰাৰ আশংকা ব্যক্ত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here