Home স্থানীয় দলগাঁৱৰ দৈপামত কিশোৰী অপহৰণৰ ঘটনা : আৰক্ষীৰ জালত অপহৰণকাৰীৰ মাষ্টাৰমাইণ্ড

দলগাঁৱৰ দৈপামত কিশোৰী অপহৰণৰ ঘটনা : আৰক্ষীৰ জালত অপহৰণকাৰীৰ মাষ্টাৰমাইণ্ড

396
0


গণ বাৰ্তা, নেপালী বজাৰ, ৭ ডিচেম্বৰ ঃ দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ৰনং মাজগাঁৱৰ হজৰত আলীৰ কন্যা আকলিমা খাতুন [১৭]ক এটা দুষ্ট চক্ৰৰ দলে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বে নিজ গৃহৰ পৰা বেছিমাৰীলৈ ওলাই গৈছিল আকলিমা খাতুন৷ বেছিমাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিকৰণৰ বাবে ওলাই গৈছিল আকলিমা খাতুন৷ বিদ্যালয়লৈ গৈ থকা সময়তে জয়নাল আব্দিনৰ নেতৃত্বত এটা দুষ্ট চক্ৰৰ দলে অপহৰণ কৰে কিশোৰীগৰাকীক৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰি কোনো শুং-সূত্ৰ নোপোৱাত দলগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত সোমবাৰে দলগাঁও আৰক্ষীয়ে আটক কৰে জয়নাল আব্দিনক৷ জয়নাল আব্দিনৰ ঘৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খগজানি গাঁৱত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে অপহৰণ-কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত পূৰ্বেও এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত দলগাওঁ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ স্মৰ্তব্য যে বৰ্তমানেও সন্ধান নাই অপহৃত কিশোৰীগৰাকীৰ৷ সঠিক তদন্তমৰ্মে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ৩ান জনাইছে পৰিয়ালৰ লোকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here