Home স্থানীয় ডিব্ৰুগড়ৰ বৰবাৰী এক্সৰে ক্লিনিকৰ স্বত্বাধিকাৰী আব্দুল মোমিন বিশ্বাসৰ ক’ৰোনাত মৃত

ডিব্ৰুগড়ৰ বৰবাৰী এক্সৰে ক্লিনিকৰ স্বত্বাধিকাৰী আব্দুল মোমিন বিশ্বাসৰ ক’ৰোনাত মৃত

85
0

ডিব্ৰুগড়, ১১ মে’ : যোৱা ৯ মে’ তাৰিখে ডিব্ৰুগড়ৰ বৰবাৰী এক্সৰে ক্লিনিকৰ স্বত্বাধিকাৰী আব্দুল মোমিন বিশ্বাসৰ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।
১৯৪৮ চনত ধুবুৰীত জন্ম গ্ৰহণ কৰা মোমিন বিশ্বাস ব্যৱসায়ী সূত্ৰে ডিব্ৰুগড়লৈ আহে আৰু ডিব্ৰুগড়ৰ পল্টন বজাৰত “বৰবাৰী এক্সৰে ক্লিনিক” নাম দি এখন ক্লিনিক স্থাপন কৰি ব্যবসায়ত নিজকে আত্মনিয়োগ কৰে। উল্লেখযোগ্য যে এই বৰবাৰী এক্সৰে ক্লিনিক খন ডিব্ৰুগড়ৰ এখনত অতি পুৰণা ক্লিনিক। মোমিন বিশ্বাসে নিজকে সামাজিক কামত নিয়োজিত হৈ ডিব্ৰুগড়ৰ লগতে অসমৰ কেবাখনো মাদ্ৰাছা আৰু মছজিদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল। ২০১৪ চনত তেওঁৰ পত্নীৰ বিয়োগ হয়। মৃত্যুৰ সময়ত দুই পুত্ৰ ডাঃ জিয়াউল ইছলাম আৰু ডাঃ মফিদুল ইছলামৰ লগতে একমাত্ৰ কন্যা মেহজাবিন চুলতানা বেগম আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আব্দুল মোমিন বিশ্বাসৰ জানাজা নালিয়াপুল কবৰ স্থানত কোভিড বিধি অনুযায়ী সম্পন্ন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here