Home গুৱাহাটী আব্দুল মুহিব মজুমদাৰৰ সোঁৱৰণত : আই এম ডি টিয়েই নহয়, অসম চুক্তিৰো...

আব্দুল মুহিব মজুমদাৰৰ সোঁৱৰণত : আই এম ডি টিয়েই নহয়, অসম চুক্তিৰো ৰূপকাৰ আছিল আব্দুল মুহিব মজুমদাৰ

663
0

ছাহজাহান তালুকদাৰ

১৯৭৮ চনত অসমৰ ৰাজনীতিৰ দ্ৰুতপট পৰিৱৰ্তন হৈ আছিল। অসম আন্দোলনে চূড়ান্ত ৰূপ ধাৰণ কৰিছিল। অসম আন্দোলনৰ প্ৰতিবাদকাৰীসকলে সংখ্যালঘু বঙালী-হিন্দু আৰু মুছলমানসকলক বিদেশীৰ অভিযোগ তুলি অকথ্য নিৰ্যাতন আৰম্ভ কৰিছিল। আৰক্ষীয়ে বিদেশীৰ অভিযোগত নিৰীহ লোকক ধৰি ধৰি জে’লত ভৰাই থৈছিল। তেনে এক সময়ত আব্দুল মুহিব মজুমদাৰে ভাৰত চৰকাৰৰ কাষ চাপিছিল আৰু ১৯৮৩ চনত সংখ্যালঘু জনসাধাৰণক ৰক্ষা কৰিবলৈ আই এম ডি টি আইন প্ৰণয়ন কৰিছিল। পিছলৈ অসমৰ ৰাজনীতিত প্ৰয়াত আব্দুল মুহিব মজুমদাৰ আই এম ডি টি আইনৰ শ্ৰষ্টা বুলিয়েই খ্যাতি লাভ কৰিলে যদিও তেওঁ ১৯৮৫ৰ অসম চুক্তিৰো ৰূপকাৰ আছিল। তেওঁ বিদ্যুৎ মন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, আইন মন্ত্ৰী আদিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু আই এম ডিটিৰ বাহিৰে অন্য গুৰুত্বপূৰ্ণ বিষয়সমূহে  চৰ্চা লাভ নকৰিলে। ১৯৩২ চনৰ ২০ আগষ্টত হাইলাকান্দিত জন্মগ্ৰহণ কৰা আব্দুল মুহিব মজুমদাৰে হাইলাকান্দিত ওকালতি কৰিব বিচাৰিছিল যদিও বৰাকৰ সু-সন্তান মইনুল হক চৌধুৰীৰ প্ৰেৰণাত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লক্ষ্য স্থিৰ কৰিছিল। পিতৃ প্ৰয়াত আব্দুল মতলিব মজুমদাৰ আছিল এগৰাকী অগ্ৰণী স্বাধীনতা সংগ্ৰামী আৰু জাতিৰ পিতা, মহামানৱ মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ  ছাত্ৰ অৱস্থাতে কংগ্ৰেছৰ ভলেণ্টিয়াৰ হিচাপে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি দেশবাসীক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোপীনাথ বৰদলৈ, বিষু্ণৰাম মেধি আৰু বিমলাপ্ৰসাদ চলিহাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা আব্দুল মুহিব মজুমদাৰৰ পিতৃ আব্দুল মতলিব মজুমদাৰে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ গোপীনাথ বৰদলৈৰ দৰে বৰেণ্য নেতাসকলৰ সৈতে একেলগে যুঁজ দিছিল আৰু এইক্ষেত্ৰত সফল হৈছিল। অসম আৰু অসমীয়াক প্ৰাণাধিক ভাল পোৱা আব্দুল মতলিব মজুমদাৰৰ সুযোগ্য সন্তান আব্দুল মুহিব মজুমদাৰ। হাইলাকান্দিৰ ভিক্টৰিয়া মেম’ৰিয়েল চৰকাৰী হাই¦³¨লত শিক্ষা গ্ৰহণ কৰাৰ পিছত ঐতিহাসিক কটন মহাবিদ্যালয়ৰ পৰা আব্দুল মুহিব মজুমদাৰে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।  পৰৱৰ্তী সময়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু আইনৰ ডিগ্ৰী লাভ কৰে আব্দুল মুহিব মজুমদাৰে। ১৯৬২ চনৰ ৩ জুন তাৰিখে আলম আৰা মজুমদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আব্দুল মুহিব মজুমদাৰৰ ৩গৰাকী কন্যা সন্তানৰ জন্ম হৈছিল যদিও বৰ্তমান দুগৰাকীহে জীৱিত আছে। মজুমদাৰে মহামান্য উচ্চ আৰু উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। সমান্তৰালভাৱে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ১৯৫৬-৬১ চনলৈ অৰ্থনীতিবিদ-ৰাজনীতি বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। একেদৰে ১৯৬১ৰ পৰা ১৯৮০ চনলৈকে ইউনিভাৰ্ছিটী ল’ কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিয়োজিত হৈ আছিল। ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈকে অসমৰ মহাধিবক্তা হিচাপে আসন শুৱনি কৰাৰ লগতে ১৯৯১-১৯৯৬ চনলৈকে অৰুণাচল প্ৰদেশৰ মহাধিবক্তা আছিল।

মজুমদাৰে ১৯৭০ চনত ৰাজনৈতিক পথাৰত খোজ পেলায়। ৬নং হাইলাকান্দি সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৮৩-১৯৯১, ১৯৯৬-২০০১ আৰু ২০১১-২০১৬ চনলৈকে সন্মানীয় হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰে। সন্মানীয় হাইলাকান্দি সমষ্টিতো ১৯৪৬-১৯৭২ চনলৈকে মজুমদাৰৰ পিতৃ আব্দুল মতলিব মজুমদাৰে প্ৰতিনিধিত্ব কৰিছিল। ১৯৮৩ চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ দিনত আব্দুল মুহিব মজুমদাৰে আইনমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯০ চনত মজুমদাৰে ইউনাইটেড পিপল্‌ছ পাৰ্টী অব আছাম, চমুকৈ ইউ পি পি এ নামৰ এক নতুন দলৰ জন্ম দিয়ে। ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰত আব্দুল মুহিব মজুমদাৰে কেবিনেট মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। পিছলৈ আব্দুল মুহিব মজুমদাৰে পুনৰ কংগ্ৰেছলৈ উভতি যায়। ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈকে বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি হিচাপে আসন শুৱনি কৰে। তদানীন্তন আইন মন্ত্ৰী হিচাপে আব্দুল মুহিব মজুমদাৰে বহুচৰ্চিত আই এম ডি টি আইন আৰু ঐতিহাসিক অসম চুক্তিৰ খচৰা প্ৰস্তুত কৰিছিল। তদুপৰি অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, সংখ্যালঘু কোষৰ অধ্যক্ষকে ধৰি বিভিন্ন পদবীত অধিষ্ঠিত হৈ আব্দুল মুহিব মজুমদাৰে দলৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়াই গৈছিল। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰে পৰা বিধায়ক-মন্ত্ৰী হৈ জনতাৰ সেৱা কৰালৈকে, শিক্ষক হিচাপে জ্ঞানৰ পোহৰ বিলোৱাৰ পৰা অধিবক্তা হিচাপে ন্যায়প্ৰাপ্তিৰ পথ সুগম কৰালৈকে এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমা অতিক্ৰম কৰি আব্দুল মুহিব মজুমদাৰ হৈ পৰিছিল এক জীৱন্ত কিংবদন্তি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here