Home অসম অচিৰেই ইউ ডি এফত যোগদান কৰিব আব্দুৰ ৰহিম খানে

অচিৰেই ইউ ডি এফত যোগদান কৰিব আব্দুৰ ৰহিম খানে

62
0

পুলেন্দ্ৰ দাস, বৰপেটা, ১২ মে’: বৰপেটা জিলা কংগ্ৰেছৰ সদ্য পদত্যাগী সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে আজি মিলিত হয় এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতে৷ উল্লেখ্য যে, সৰভোগৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী চামচুল হকৰ পুত্ৰ ৰফিকুল হক ওৰফে ৰাজীৱক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ পিছতেই জিলা কংগ্ৰেছৰ সভাপতি পদৰ লগতে কংগ্ৰেছৰ সাধাৰণ সদস্যৰ পৰাও আব্দুৰ ৰহিম খানে পদত্যাগ কৰে৷ আজি আব্দুৰ ৰহিম খানে এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক গুৱাহাটীত সৌজন্যমূলকভাৱে সাক্ষাৎ কৰি কিছু আলোচনাত মিলিত হয়৷ এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল আৰু কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত অচিৰেই বৰপেটাত এখন জনসভা অনুষ্ঠিত কৰি আব্দুৰ ৰহিম খানক আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰাব বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here