Home Main Stories মৰাণত কৃষি পাম পৰিদৰ্শন কৰি মন্ত্ৰী অতুল বৰাই ক’লে | কৃষি বিভাগত...

মৰাণত কৃষি পাম পৰিদৰ্শন কৰি মন্ত্ৰী অতুল বৰাই ক’লে | কৃষি বিভাগত শীঘ্ৰে প্ৰায় ৩০০০ পদ পূৰণ কৰা হ’ব

140
0

গণ বাৰ্তা, মৰাণ, ২২ জুনঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত মিৰিহোলাত থকা চৰকাৰী কৃষি পামখন কালি পৰিদৰ্শন কৰে কৃষি আৰু পশুপালন মন্ত্ৰী তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই । প্ৰায় ৬৫ বিঘা মাটিকালি থকা চৰকাৰী কৃষি পামখন পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে এই পুৰণি পামখন নতুন ৰূপে গঢ় দিয়া হ’ব । কৃষি পামৰ পৰা কৃষকসকলক কেনেদৰে উপকৃত কৰিব পাৰি তাৰো বিবেচনা কৰা হ’ব । কৃষি বিভাগত খালী থকা বিভিন্ন পদৰ সন্দৰ্ভত সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে কৃষি বিভাগত ইঞ্জিনীয়াৰিং পদকে ধৰি প্ৰায় ২৫০০ ৰ পৰা ৩০০০ পদ খালী হৈ আছে । এই পদ সমূহ শীঘ্ৰেই পূৰণ কৰা হ’ব । ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিৰাৰ যি পৰিকল্পনা প্ৰস্তুত কৰিছে তাতেই কৃষি বিভাগত খালি হৈ থকা এই পদ সমূহ পূৰণ কৰা হ’ব । আনহাতে পশু পালৰ ক্ষেত্ৰত পশু পালক সকল যাতে আত্মনিৰ্ভয়শীল হ’ব পাৰে তাৰ বাবেও বিভিন্ন ধৰণৰ আঁ‌চনি প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধিক লৈ মন্ত্ৰী গৰাকীয়ে উদিগ্নতা প্ৰকাশ কৰি কয় যে ৰাসায়নিক সাৰৰ চিণ্ডিকেটৰ ক্ষেত্ৰ তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । বহু ঠাইত তদন্ত কৰাৰ লগতে অসাধু ব্যৱসায়ীৰ লাইচেঞ্চ জব্দ কৰাৰ লগতে বাতিল কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । মন্ত্ৰীজনে একেদিনাই মৰাণৰ তিলৈজানস্থিত এটা কভিড ভেকচিনেশ্যন কেন্দ্ৰ পৰিদৰ্শন কৰে । কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰীজনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কম দিনৰ ভিতৰতে কভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ আহিব বুলি আশা ব্যক্ত কৰে । কভিড টিকাকৰণৰ ক্ষেত্ৰত বাগিচা এলেকা বিলাকত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয়, লকডাউনৰ সকলো বিলাক চিন্তা-চৰ্চা স্বাস্থ্য বিভাগে কৰিব । মন্ত্ৰী গৰাকীৰ এই দুয়ো ঠাইৰ পৰিদৰ্শন কালত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাই সংগ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here