Home যোৰহাট যোৰহাট ষ্টেডিয়ামত আকস্মিক পৰিদৰ্শন ক্রীড়া মন্ত্ৰীৰ : ক্ৰীড়া সঞ্চালকক যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন...

যোৰহাট ষ্টেডিয়ামত আকস্মিক পৰিদৰ্শন ক্রীড়া মন্ত্ৰীৰ : ক্ৰীড়া সঞ্চালকক যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ

121
0


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ১১ ছেপ্টেম্বৰ : যোৱা কেইবাদিনো যোৰহাটত বাহৰ পাতি থকা ক্ৰীড়া, শক্তি, সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী বিমল বৰাই আজি আকস্মিক পৰিদৰ্শন কৰে যোৰহাট ষ্টেডিয়াম।  পৰিদৰ্শন কালত ঐতিহ্যমণ্ডিত ষ্টেডিয়ামখনৰ অৱস্থা দেখি ক্ষুণ্ণ হৈ পৰে আৰু উপস্থিত জিলা ক্ৰীড়া বিষয়াক এই অৱস্থা কিয় হৈ সেই বিষয়ে কৈফিয়ত তলব কৰে। ক্ৰীড়া বিষয়াৰ উত্তৰত অসন্তুষ্ট হৈ ক্ৰীড়া মন্ত্ৰীজনে কয় : আপোনালোকে বন কিডালো কাটিব নোৱাৰে নে ? এনেকৈ খেলৰ উন্নতি হব কেনেকৈ ?  উল্লেখযোগ্য যে বিগত দীৰ্ঘ দিন ধৰি কবিদ পৰিস্থিতিৰ বাবে খেলা ধুলা বন্ধ হৈ থকাত সমগ্ৰ খেল পথাৰ হাবি বননিৰে ভৰি পৰি এক কদৰ্যময় পৰিবেশ হৈ আছে। বৰ্তমান পুনৰ বিভিন্ন খেলৰ অনুশীলন আৰম্ভ হৈছে যদিও জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ে খেল পথাৰখন খেলা উপযোগী কৰি তোলাত অৱহেলা কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আছিল। উল্লেখযোগ্য যে আজি ক্ৰীড়া মন্ত্ৰী জনে পৰিদৰ্শন কৰি ভালে সংখ্যক ক্ৰীড়া অনুৰাগীৰে মত বিনিময় কৰে। তদুপৰি, যোৰহাট জিলা সন্থাৰ কাৰ্যালয়তো প্ৰবেশ কৰি সন্থাৰ বিষয়ববীয়াৰে ষ্টেডিয়াম খনৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ উপৰি প্ৰস্তাৱিত সমন্বিত ক্ৰীড়া প্ৰকল্পৰ বিষয়ে আলোচনাত মিলিত হয়।  যোৰহাট ষ্টেডিয়ামত ফ্লাদ লাইট সংস্থাপন কৰা বিষয় সন্দৰ্ভত খৰটকীয়া ব্যৱস্থা লোৱা হব আশ্বাস প্ৰদান কৰে। ইপিনে, ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ লগত হোৱা এক আছুতীয়া বাৰ্তালাপত দৈনিক অগ্ৰদূতক জনোৱা মতে ইতিমধ্যে ৰাজ্যৰ ক্ৰীড়া সঞ্চালকক যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া বুলি ক্ৰীড়া মন্ত্ৰী জনে অৱগত কৰিছে। তদুপৰি, ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক এই ক্ষেত্ৰত ব্যৱস্থা লবলৈ মন্ত্ৰী বৰাই যোৰহাটৰ পৰাই ফোন যোগে নিৰ্দেশ জাৰি কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ভিতৰতে এখন পুৰণি যোৰহাট ষ্টেডিয়ামখন সঠিক পৰিচালনা আৰু বিভাগীয় অৱহেলাৰ বাবে দিনক দিনে খেলৰ অনুপযোগী হৈ আহিছে। আজি ক্ৰীড়া মন্ত্ৰী জনৰ এই তৎপৰতাক সচেতন মহলে আদৰণি জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here