Home অসম মুখ্যমন্ত্ৰীৰ কথামতেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট নিদিলে তৃণমূল কংগ্ৰেছ-আজমলে

মুখ্যমন্ত্ৰীৰ কথামতেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট নিদিলে তৃণমূল কংগ্ৰেছ-আজমলে

104
0


চন্দ্ৰ কুমাৰ শইকীয়া, ৮ আগষ্ট ঃ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিপক্বতা, মানুহক মোহাচ্ছন্ন কৰি পেলোৱা, শত্ৰুপক্ষৰ ক’ত কেতিয়া আঘাত কৰিব লাগে তাৰ সম্যক জ্ঞান থকা আদি বিভিন্ন দক্ষতাৰ বাবেই বিৰোধীপক্ষৰ বহু নেতা তেওঁৰ কথামতেই উঠা-বহা কৰি আহিছে৷ কথাবোৰ লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ সদ্যসমাপ্ত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকি ৰাজনৈতিক ইতিহাসত নোহোৱা-নোপোজা ঘটনা ঘটিল৷ বিৰোধীপক্ষৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিল৷ বিৰোধী দলেই ক্ৰছ ভোটিং কৰি বিৰোধী প্ৰাৰ্থীগৰাকীক অপমান কৰিলে৷ এনে বহুধাবিভক্ত বিৰোধী দলেই আকৌ বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ দিয়ে, বিৰোধী দলে চৰকাৰ গঠন কৰাৰ সপোন দেখে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দাৰ্জিলিঙৰ ৰাজভৱনত উপস্থিত হৈ পশ্চিমবংগৰ ৰাজ্যপাল জগদীশ ধনখড়ৰ লগত মিলিত হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে সেই স্থানতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতো ৰূদ্ধদ্বাৰ বৈঠকত বহিছিল ড॰ শৰ্মা৷ এই সাক্ষাৎ সৌজন্যমূলক বুলি কোৱা হৈছিল যদিও তাতেই চূড়ান্ত হৈছিল উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছ দল৷ এই সাংঘাতিক সিদ্ধান্তৰ অন্তৰালত মমতা বেনাৰ্জীৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণ জড়িত আৰু কোনো ৰাষ্ট্ৰহিতৰ বাবে নহয়৷ যিজন ৰাজ্যপালক মমতা বেনাৰ্জীয়ে বাৰে বাৰে অপমান কৰিছিল, তেওঁৰ প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল, বিজেপিৰ কৰ্মীক গুণ্ডাবাহিনীৰ দ্বাৰা আক্ৰমণ কৰিছিল, সেইজন ৰাজ্যপালক সমৰ্থন দি বিৰোধী প্ৰাৰ্থীক ভোট নিদিয়াৰ সিদ্ধান্ত লোৱা মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ আন বহুতৰে জে’লযাত্ৰা নিশ্চিত আছিল৷ সাৰদা, ৰোজভেলী আদি কেইবাটাও চিটফাণ্ড কোম্পানীৰ বৃহৎ পুঁজি কেলেংকাৰীত জড়িতৰ তদন্তৰ বাবে প্ৰস্তুতি চলাইছিল ই ডিয়ে৷ এই সমস্ত তথ্য মমতাক জনাইছিল ড॰ শৰ্মাই৷ তাৰ পিছৰ ঘটনাৱলী সকলোৰে অৱগত৷ আনহাতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ কথামতেই এআইইউডিএফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here