Home অসম আইনৰ মতে আমি চলিব লাগিব: বিশ্বজিৎ দৈমাৰী, বিৰোধী বিধায়কক পৰিপূৰক প্ৰশ্নৰ সুবিধা...

আইনৰ মতে আমি চলিব লাগিব: বিশ্বজিৎ দৈমাৰী, বিৰোধী বিধায়কক পৰিপূৰক প্ৰশ্নৰ সুবিধা দিব লাগে: ৰকিবুল হুছেইন , ‘পইণ্ট অৱ অৰ্ডাৰ’ৰ নিয়ম লৈ সদনত ২৯ মিনিট হূলস্থূল

102
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ ঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিনটোত ‘পইণ্ট অৱ অৰ্ডাৰ’ৰ নিয়মক লৈ একপ্ৰকাৰ ২৯ মিনিট সময় ধৰি সদনৰ কাম-কাজ অচল হৈ থাকে৷ অধ্যক্ষৰ লগতে শাসক-বিৰোধী বিধায়কসকলৰ মাজত সৃষ্টি হোৱা কথাৰ কটাকটি, বাক-বিতণ্ডাই এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ ১০.৩০ বজাত শেষ হোৱা প্ৰশ্নোত্তৰ কালৰ পিছতেই ১০.৫৯ মিনিটলৈকে কেৱল পইণ্ট অৱ অৰ্ডাৰৰ নিয়মক লৈয়ে সদন উত্তাল হৈ থাকে৷ কংগ্ৰেছৰ বিধায়ক এ কে ৰছিদ আলমে প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতেই মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নহৈ পইণ্ট অৱ অৰ্ডাৰৰ জৰিয়তে কিছু বিসংগতি সদনৰ মজিয়াত উত্থাপন কৰিবলৈ চেষ্টা কৰে৷ বিধায়ক এ কে ৰছিদ আলমে পইণ্ট অৱ অৰ্ডাৰৰ জৰিয়তে বিষয়টো উত্থাপন কৰিবলৈ ধৰোঁতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পইণ্ট অৱ অৰ্ডাৰৰ কোনটো নিয়মৰ আধাৰত বিষয়টো আনিব সেয়া জানিব বিচাৰে৷ অধ্যক্ষগৰাকীয়ে এইবুলিও কয় যে আইনৰ বাবে আমি আছো৷ আইনৰ মতে আমি চলিম৷ কংগ্ৰেছৰ বিধায়কগৰাকীক প্ৰশ্ন উত্থাপন কৰিবলৈ নিদিয়াত বিৰোধী দল কংগ্ৰেছৰ বিধায়কসকল সৰৱ হৈ পৰে আৰু বিৰোধী বিধায়কসকলক প্ৰশ্ন কৰাৰ সুবিধা নিদিয়াৰ অভিযোগ কৰে৷ অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত আইনৰ কথা আওৰাই কয় যে যদি নিয়মক লৈ অসন্তুষ্ট, তেন্তে সকলোৱে মিলি নিয়ম সংশোধন কৰি ল’লেই হ’ল৷ এ কে ৰছিদ আলমে কোনটো পইণ্ট অৱ অৰ্ডাৰৰ অধীনত বিষয়টো উত্থাপন কৰিব বিচাৰিছে বুলি পুনৰবাৰ অধ্যক্ষগৰাকীয়ে বিধায়কগৰাকীক প্ৰশ্ন কৰে৷ কংগ্ৰেছৰ বিধায়কগৰাকীক পইণ্ট অৱ অৰ্ডাৰৰ অধীনত প্ৰশ্ন উত্থাপন কৰিবলৈ নিদিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আসনৰ পৰা উঠি একপ্ৰকাৰ আহ্বান জনায়৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী নাচোৰবান্দা, তেওঁ কোনো কাৰণতে দিব নোৱাৰে৷ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে সদনত কয় যে প্ৰশ্নোত্তৰ কালত বিৰোধী বিধায়কে একো ক’ব নোৱাৰে, এতিয়া সুবিধা দিব লাগে৷ ৰকিবুল হুছেইনে মন্তব্য দি থকাৰ সময়তেই শাসকীয় দলৰ একাংশ বিধায়কে কটু মন্তব্য কৰি তুচ্চ-তাচ্চিল্য কৰিবলৈ ধৰে৷ শাসকীয় দলৰ বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ শাসকীয় দলৰ বিধায়কসকলৰ এনে ব্যৱহাৰক লৈ অধ্যক্ষই কোনোধৰণৰ মন্তব্য প্ৰদান নকৰাত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনত প্ৰশ্ন কৰে যে এটা পক্ষক ক’ব আৰু আনটো পক্ষক নক’ব, এইটো কি নিয়ম৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰশ্নোত্তৰ কালত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত পৰৱৰ্তী অধিৱেশনত সেয়া বহি সমাধানসূত্ৰ উলিয়াব বুলি জানিবলৈ দিয়ে৷ একপ্ৰকাৰ প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ ২৯ মিনিট সময় ধৰি একমাত্ৰ পইণ্ট অৱ অৰ্ডাৰৰ নিয়মক লৈয়েই সদনৰ কাম-কাজ স্থগিত হৈ থাকে৷ অধ্যক্ষগৰাকীয়ে সদনত কয়– মই নিজকে নাভাবোঁ যে মই ভালদৰে চলাব পৰা এজন যোগ্য ব্যক্তি৷ ইয়াত মই হিচাপে চলাব নোৱাৰোঁ৷ অধ্যক্ষৰ এই মন্তব্যৰ পিছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে কালি এটা প্ৰস্তাৱৰ সন্দৰ্ভত মন্ত্ৰীয়ে কৈছিল যে লাম্পিৰ এজন ব্যক্তিৰ বাদে বাকীসকল অসমলৈ আহিব বিচাৰিছে৷ কিন্তু সীমা সমস্যাক লৈ সেই বিষয়টোক লৈ এতিয়ালৈ শুনানিয়ে হোৱা নাই৷ ইয়াৰ মাজতেই অখিল গগৈয়ে অধ্যক্ষক উদ্দেশ্যি কয়– আপুনি সদনত একো ক’ব নিদিয়ে৷ অখিল গগৈ আৰু অধ্যক্ষৰ মাজত কিছু সময় ধৰি কথাৰ কটাকটি চলে৷ একপ্ৰকাৰ প্ৰশ্নোত্তৰ কালৰ পিছত ২৯ মিনিট সময় এনেদৰে এটা বিষয়ক লৈ উত্তপ্ত হৈ থাকে সদন৷ সদনৰ মজিয়াত প্ৰশ্নোত্তৰ কালত বিৰোধী বিধায়কসকলক পৰিপূৰক প্ৰশ্নৰ বাবে সুবিধা প্ৰদান নকৰাত অৱশেষত অসন্তুষ্ট হৈ সদন ত্যাগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here