Home Main Stories জীৱিত কালত চৰকাৰী স্বীকৃতি নোপোৱতো দুৰ্ভাগ্যজনক: বিশিষ্ট সমাজ বিজ্ঞানী, গৱেষক, চিন্তাবিদ ড°...

জীৱিত কালত চৰকাৰী স্বীকৃতি নোপোৱতো দুৰ্ভাগ্যজনক: বিশিষ্ট সমাজ বিজ্ঞানী, গৱেষক, চিন্তাবিদ ড° প্ৰফুল্ল মহন্তৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি

152
0


চন্দ্ৰ কুমাৰ শইকীয়া, গুৱাহাটী, ২ ছেপ্টেম্বৰ ঃ অসমৰ জাতীয় জীৱনৰ বিশিষ্ট গৱেষক, বিশিষ্ট চিন্তাবিদ, উচ্ছ স্তৰৰ লেখক, প্ৰাক্তন অধ্যাপক, ‘এবিলাক’ৰ প্ৰাক্তন সঞ্চালক ড॰ প্ৰফুল্ল মহন্তৰ দেহাৱসান৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱতি নিশা ২.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ড॰ মহন্তই৷ মৃত্যুৰ সময়ত পত্নী বিশিষ্ট লেখিকা, প্ৰাক্তন অধ্যক্ষ চেনিচম্পা মহন্ত, দুই পুত্ৰ ড॰ ৰাহুল মহন্ত আৰু মন্ময় মহন্ত তথা জীয়ৰী ঋতুপৰ্ণা মহন্তকে ধৰি বহুতো আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায়৷ ৰাজ্যৰ প্ৰতিটো সমস্যাক সমাজ-বৈজ্ঞানিক দৃষ্টিৰে অনুধাৱন কৰি পৰ্যালোচনা কৰা, প্ৰবল জাতীয় চেতনা আৰু বৌদ্ধিক চিন্তাৰে বাট দেখুৱাই অনবদ্য গ্ৰন্থ অৱদান দি গৈছে ড॰ মহন্তই৷ যিহেতু মানুহ, জাতি, মাটিক ভাল পোৱা ড॰ মহন্তই আগতেই অংগদান কৰি থৈছিল৷ পুৱা ড॰ মহন্তৰ মৃতদেহ নিজ বাসগৃহলৈ অনা হয় আৰু অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ জীৱিত অৱস্থাতে তেওঁ লিখি থৈ যোৱাৰ দৰে তেওঁৰ মৃতদেহ চিকিৎসা বিজ্ঞানৰ বাবে উত্তৰ গুৱাহাটীৰ চাংসাৰিত থকা অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স [এইম্‌ছ]ক অৰ্পণ কৰা হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ড॰ মহন্তৰ অংগদান তথা অংগ সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়৷ ১৯৪১ চনত নগাঁৱৰ জাজৰি অঞ্চলত জন্মগ্ৰহণ কৰা ড॰ মহন্তই মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু পিছলৈ উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে৷ গুৱাহাটীৰ ভেটাপাৰাৰ জ্যোতি পথৰ স্থায়ী বাসিন্দা ড॰ মহন্তৰ সঞ্চালকৰ পদবীটো অগপ আৰু কংগ্ৰেছ দুখন চৰকাৰে নিয়মীয়া নকৰাৰ ফলত পেঞ্চনৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ এইক্ষেত্ৰত বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জগৰীয়া৷ পিছৰ কালত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তদানীন্তন বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো ড॰ মহন্তৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন নকৰিলে৷ আজীৱন জাতিৰ বাবে অহোপুৰুষাৰ্থ কৰা বিশিষ্ট পণ্ডিতগৰাকীক অগপ, কংগ্ৰেছ আৰু বিজেপি কোনো এখন চৰকাৰে স্বীকৃতি নিদিয়াটো অসমৰ বাবেই দুৰ্ভাগ্যজনক৷ চৰকাৰে স্বীকৃতি নিদিলেও অসমৰ জনসাধাৰণ, বিভিন্ন জাতীয় সংগঠন আৰু শেহতীয়াকৈ অসম সাহিত্য সভাই ড॰ মহন্তৰ অৱদানক স্বীকৃতি দিছে৷ পৰৱৰ্তীকালত প্ৰাক্তন অধ্যাপক, লেখক লক্ষ্মীকান্ত মেধি আৰু প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক, সাংবাদিক অপূৰ্ব শৰ্মাৰ সহায়-সহযোগিতাত তদানীন্তন মুখ্য সচিব প্ৰফুল্ল শৰ্মাই ড॰ মহন্তক সহায় কৰিছিল৷ অতি দুখৰ কথা যে জীৱিত কালত বিশিষ্ট গৱেষক, লেখক, সাহিত্যিকগৰাকীক অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিজেপি কোনো এখন চৰকাৰে চৰকাৰী স্বীকৃতি প্ৰদান নকৰিলে৷ অতি শেহতীয়াকৈ অসম সাহিত্য সভাই বিশিষ্ট গৱেষকগৰাকীৰ অনবদ্য অৱদানৰ প্ৰতি সামান্য স্বীকৃতি প্ৰদান কৰে৷ ‘ইতিহাসে ৰিঙিয়ায়’, ‘অসমীয়া মধ্যবিত্তৰ ইতিহাস’, ‘সোণাইৰ সোঁত’, ‘আধুনিক অসমীয়া সাহিত্য- সামাজিক বৌদ্ধিক পটভূমি আৰু অন্যান্য’ আদি বহুকেইখন তত্ত্বগধুৰ, গৱেষণামূলক গ্ৰন্থ বৃহত্তৰ অসমীয়া জাতিলৈ উপহাৰ দি যোৱা ড॰ মহন্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ৷ মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত ড॰ মহন্তৰ কষ্টকৰ সময়ত তেওঁৰ ওচৰত আশা কৰা ধৰণে কোনো লোক নাছিল বা নাহিল বুলি দুখ প্ৰকাশ কৰে পৰিয়ালৰ লোকে৷ আনহাতে চৰকাৰৰ ফালৰ পৰাও কোনোধৰণৰ সহায় নোপোৱাৰ অভিযোগ কৰে পৰিয়ালে৷ আন দহজনৰ দৰে ৰজাঘৰীয়াক তৈলমৰ্দন বা সময়-সুবিধা বুজি ৰং-ৰূপ সলাই ৰজাঘৰৰ আপোন হ’বলৈ নিশিকিলে ড॰ মহন্তই৷ সেয়েহে বৃহত্তৰ অসমীয়া জাতিৰ বাবে নীৰৱে-নিস্বাৰ্থভাৱে কৰণীয়খিনি কৰিলেও ইমানদিনে ৰজাঘৰীয়াই তেওঁৰ দুখ-দুৰ্দশাৰ সম্ভেদ লোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে৷ কৰ্মজীৱনত সেৱা আগবঢ়াই মৃত্যুৰ সময়তো প্ৰাপ্যখিনি নোপোৱাকৈ চিৰকালৰ বাবে চকু মুদিলে৷ সেই বিদেহ আত্মা, অমৰ আত্মা ড॰ প্ৰফুল্ল মহন্ত৷ যিসকল লোকে মহৎ জীৱন যাপন কৰে তেওঁলোকে নিজৰ জীৱনকালত কাৰো পৰা স্বীকৃতি নাপালেও এই কথা ভবা উচিত নহয় যে তেওঁৰ জীৱন অথলে গ’ল৷ তেনে লোকৰ জীৱনৰ পৰা এনে এক পোহৰ বিকিৰিত হয়, যি পোহৰে তেওঁলোকৰ বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াক বাট দেখুৱায়, আনকি সুদূৰ ভৱিষ্যতৰ বাবেও পথ প্ৰদৰ্শক হৈ ৰয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here