Home স্থানীয় ক’ভিডৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন মৰিয়নিত ঘৰে ঘৰে সজাগতা অভিযান

ক’ভিডৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন মৰিয়নিত ঘৰে ঘৰে সজাগতা অভিযান

71
0

দিব্যজ্যোতি শইকীয়া, মৰিয়নি, ২২ জুলাইঃ

যোৰহাট জিলা ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমন ৰোধৰ বাবে শেহতীয়াকৈ প্ৰশাসনক তৎপৰ হৈ পৰা দেখা গৈছে । জিলা প্ৰশাসনৰ উদ্যোগত জনসাধাৰণৰ মাজত ক’ভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ জিলাখনতে ঘৰে ঘৰে গৈ চলোৱা সজাগতা অভিযান মৰিয়নিতো তীব্ৰতৰ কৰি তোলা হৈছে । মৰিয়নি নগৰৰ বিভিন্ন স্থানত আজি সজাগতা অভিযান চলোৱা হয় । মৰিয়নি নগৰৰ ৱাৰ্ডসমূহৰ বাসিন্দাসকলৰ ঘৰে ঘৰে গৈ আশা কৰ্মীৰ লগতে শিক্ষকসকলে জনসাধাৰণৰ মাজত ক’ভিডৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰে । ক’ভিড সম্পৰ্কীয় লক্ষণ ফুটি উঠিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তাৰোপৰি কোনো পৰিস্থিতিতেই যাতে অনাহকত ঘৰৰ পৰা ওলাই নাযায় তাৰ প্ৰতিও ৰাইজক আহ্বান জনায় । আনহাতে, নাগৰিকসকলক প্ৰতিষেধক ল’বৰ বাবেও তেওঁলোকে লগতে আহ্বান জনায় । সমগ্ৰ কাৰ্য্যসূচীত মৰিয়নি ৰে’লৱে হাইস্কুলৰ প্ৰধান শিক্ষক ৰথীন্দ্ৰ কুমাৰ দে, প্ৰধান শিক্ষয়িত্ৰী তাহেৰা খাতুন, জ্যেষ্ঠ শিক্ষক প্ৰিতম শইকীয়া, উত্তম মজুমদাৰ, শিক্ষয়িত্ৰী মৌচুমী বুঢ়াগোহাঁই, পদ্মজা চেতিয়া গগৈ, নিৰ্মালী শইকীয়া বৰুৱা, শিপ্ৰা দত্ত, আশাকৰ্মী উষা পাওগাম ৰাজকুমাৰী আৰু ৰীতামনি চেতিয়া আদিয়ে অংশগ্ৰহণ কৰিছে । মৰিয়নি নগৰত এই সজাগতা অভিযান অব্যাহত থাকিব বুলি তেওঁলোকে লগতে জানিবলৈ দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here