Home অসম অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোক তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোক তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

154
0

গণ বাৰ্তা : ডুমডুমা: ২৭ অক্টোবৰ: অসমীয়া ছবিজগতৰ নক্ষত্ৰস্বৰূপ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া- ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে।অভিনেতা নিপন গোস্বামীৰ পুণ্য আত্মা বৈকুণ্ঠগামী হোৱাৰ বাবে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে মহান অভিনেতাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। অভিনেতা গৰাকীৰ মৃত্যুতমৰ্মাহত হৈছোঁ বুলি উল্লেখ কৰি মন্ত্ৰী দাসে কয় যে – “ড° বেজবৰুৱা” নামে ছবিখনৰ পৰা চুপাৰষ্টাৰৰ শাৰীত থিয় হোৱা নিপন গোস্বামী দেৱে জীৱিত কালত অসমীয়া ছবিসমূহক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বাবে যি নিৰলস সাধনা কৰিছিল, তাৰ সাক্ষী আছিলোঁ আমিবোৰ। ১০০ খনতকৈ অধিক ছবিত অভিনয় কৰা এই বিশিষ্ট অভিনেতা গৰাকীৰ অভিনয় অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰায় প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ বাবে আছিল অনুপ্ৰেৰণাৰ উৎস। তেখেতৰ মৃত্যুৱে অসমীয়া ছবি জগতখনত শূণ্যতাৰ সৃষ্টি কৰিছে।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here