Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ই ডিয়ে জব্দ কৰিলে অভিনেত্ৰী জেক’লিনৰ ৭ কোটি টকাৰ সম্পত্তি

ই ডিয়ে জব্দ কৰিলে অভিনেত্ৰী জেক’লিনৰ ৭ কোটি টকাৰ সম্পত্তি

214
0

নতুন দিল্লী, ৩০ এপ্ৰিল ঃ বলীউডৰ অভিনেত্ৰী জেক’লিন ফাৰ্নাণ্ডেজ আৰু মোবাইল কোম্পানী চাওমিৰ বিৰুদ্ধে আজি অভিযান চলায় ই ডিয়ে। জেক’লিনৰ বিৰুদ্ধে ই ডিয়ে অভিযান চলাই বিশাল সম্পত্তি জব্দ কৰে। ঠিক একেদৰে চাওমিৰ বিৰুদ্ধেও বৃহৎ অভিযান চলায় ই ডিয়ে। ই ডিয়ে বৃত্তীয় লেনদেনৰ সৈতে জড়িত এক গোচৰৰ ভিত্তিত ই ডিয়ে ৭.২৭ কোটি টকাৰ সম্পত্তি জব্দ কৰে। এই ধনসমূহ ফিক্সড্‌ ডিপ’জিটৰূপে আছিল। উল্লেখ্য যে বিগত বছৰত এই সন্দৰ্ভত জেক’লিনক সোধা-পোছাৰ বাবে ই ডিয়ে মাতি পঠিয়াইছে। আনহাতে, মোবাইল কোম্পানী চাওমিৰ বিৰুদ্ধে অভিযান চলাই  ই ডিয়ে ৫,৫৫১ কোটি টকাৰ সম্পত্তি জব্দ কৰে। কেন্দ্ৰীয় সংস্থা ই ডিয়ে বৈদেশিক মুদ্ৰা প্ৰবন্ধন অধিনিয়ম, ১৯৯৯ নীতি-নিৰ্দেশনা উলংঘনৰ বাবে ই ডিয়ে এই বৃহৎ সম্পত্তি জব্দ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here