Home অসম মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিতে আদৰ্শ মেৰাদলং অঙ্গনৱাদী কেন্দ্ৰত কৰ্মী নিযুক্তিত জালিয়াতিঃ শিক্ষাগত...

মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিতে আদৰ্শ মেৰাদলং অঙ্গনৱাদী কেন্দ্ৰত কৰ্মী নিযুক্তিত জালিয়াতিঃ শিক্ষাগত অৰ্হতাৰ ভূৱা প্ৰমাণ পত্ৰৰে নিযুক্তিৰ সম্পৰ্কত আৰ টি আই তথ্য ফাদিল

164
0


গণ বাৰ্তা, মেৰাপানী, ১০ অক্টোবৰ ঃ বিত্ত তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ অন্তৰ্গত গমাৰিগুৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ আদৰ্শ মেৰাদলং অংগনৱাড়ী কেন্দ্ৰত কৰ্মী নিযুক্তিৰ ক্ষেত্ৰত জালিয়াতি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তথ্যমতে, ২০০৯ চনতে প্ৰতিষ্ঠা হোৱা কেন্দ্ৰটোত ২০১৩ চনৰ মে’ মাহৰ পৰা কৰ্মীগৰাকীৰ পদ খালী হৈ আছিল৷ কৰ্মীৰ পদটো পূৰণৰ কাৰণে চেনিমাই বৰা নামৰ সহায়িকাগৰাকীয়ে বিভাগীয় কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী বিচাৰি আবেদন জনোৱাত গমাৰিগুৰি সংহত শিশু উন্নয়ন বিষয়াই বিভাগীয় নিয়ম অনুসৰি একেৰাহে দহ বছৰ সেৱা আগবঢ়াই থকা সহায়িকাগৰাকীৰ যোগ্যতা থাকিলে কৰ্মী পদলৈ উন্নীত হ’ব বুলি আশ্বাস দিয়াত সেইমৰ্মে সহায়িকাগৰাকীয়ে কেন্দ্ৰটো চলাই আহিছে৷ শেহতীয়াকৈ চিডিপিঅ’ নং ২৭/২০১৯/২০২০/১১০ যোগে ২৭/০১/২০২২ তাৰিখে উক্ত কেন্দ্ৰটোৰ কৰ্মী নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত সহায়িকা চেনিমাই বৰাই সাক্ষাৎকাৰত বহে৷ কিন্তু যোৱা ৰ জুন ২০২২ তাৰিখে উক্ত কেন্দ্ৰটোত ওচৰৰে বিজয়পুৰ গাঁৱৰ অঞ্জুমণি পেগু শইকীয়া নামৰ এগৰাকী মহিলাক আকস্মিকভাৱে কেন্দ্ৰটোৰ কৰ্মী হিচাপে নিযুক্তি দিয়ে৷ বিভাগীয় নিয়ম অনুসৰি কৰ্মীৰ শিক্ষাগত অৰ্হতা নূ্যনতম নৱম শ্ৰেণীৰ উত্তীৰ্ণ হ’ব লাগে যদিও পৰিচালনা সমিতিয়ে নৱনিযুক্ত মহিলাগৰাকীৰ শিক্ষাগত অৰ্হতাক সন্দেহ কৰি তেওঁক কেন্দ্ৰটোত যোগদান কৰাত বাধা প্ৰদান কৰে৷ ইফালে তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ সন্দেহৰ ভিত্তিত সহায়িকাগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত তথ্য বিচৰাত তেওঁ শান্তিপুৰ ভাস্কৰজ্যোতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰা নৱম শ্ৰেণী উত্তীৰ্ণ হোৱা এখন ভুৱা প্ৰমাণপত্ৰ ওলাই পৰাৰ লগতে ২০০৯ চনত প্ৰতিষ্ঠা হোৱা উক্ত কেন্দ্ৰটোতে তেওঁ ২০০৭১ পৰা অৰ্থাৎ কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ আগতেই উক্ত কেন্দ্ৰটোতেই সহায়িকা পদত সেৱা আগবঢ়াই থকা বুলি আন এখন ভুৱা প্ৰমাণপত্ৰও দাখিল কৰাৰ তথ্য পোহৰলৈ আহে৷ এই কৰ্মী নিযুক্তিৰ জালিয়াতিৰ ক্ষেত্ৰত সেই সময়ত কৰ্মৰত গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনৰ গমাৰিগুৰিৰ সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়া চন্দ্ৰপ্ৰভা শইকীয়াই উৎকোচ লৈ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ জালিয়াতিৰে গ্ৰহণ কৰি অঞ্জুমণি পেগু শইকীয়াক কৰ্মী হিচাপে নিযুক্তি দিয়ে বুলি অভিযোগ উঠিছে৷ ইফালে কেন্দ্ৰটোৰ সহায়িকা চেনিমাই বৰা আৰু পৰিচালনা সমিতিয়ে এই নিযুক্তিত জালিয়াতিৰ অভিযোগ আনি অঞ্জুমণি পেগু শইকীয়াক যোগদান কৰিবলৈ নিদিয়াৰ বাবেই গমাৰিগুৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বৰ্তমানৰ প্ৰকল্প বিষয়া শিখামণি দুৱৰাই আদৰ্শ মেৰাদলং অংগনৱাড়ী কেন্দ্ৰৰ সহায়িকা চেনিমাই বৰাৰ পাৰিতোষিক বন্ধ কৰি থৈছে বুলি জানিবলৈ দিছে৷ এই নিযুক্তি জালিয়াতিৰ বিষয়টোৰ তদন্ত বিচাৰি বৰ্তমানৰ সহায়িকা চেনিমাই বৰাই গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ যোগেদি এক গোচৰ তৰিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ তদন্ত হোৱা নাই বুলি জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here