Home স্থানীয় নলবাৰীত এডিজিপি জি পি সিং : এনকাউণ্টাৰেৰে ডকাইতক গুলীবিদ্ধ কৰি আটক কৰা...

নলবাৰীত এডিজিপি জি পি সিং : এনকাউণ্টাৰেৰে ডকাইতক গুলীবিদ্ধ কৰি আটক কৰা অভিযানকাৰী আৰক্ষী দলক অভিনন্দন

71
0

ষ্টাপ ৰিপ’ৰ্টাৰ, নলবাৰী, ৫ জুন : নলবাৰী জিলাৰ মুগকুছিত যোৱা ৩ মে’ৰ নিশা আৰক্ষীৰে সংঘটিত ডকাইতৰ গুলীয়াগুলীৰ ঘটনাত তিনিজন গুলীবিদ্ধ ডকাইতক আটক কৰাৰ উপৰি পলায়ন কৰা আন তিনিজন দুৰ্ধৰ্ষ ডকাইতৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে সিদিনা নিশাৰ পৰাই ঘটনাস্থলীৰ পৰা পলায়ন কৰা ডকাইত কেইজনৰ বিৰুদ্ধে অভিযান চলায় আছে যদিও অদ্যপি কোনো তথ্য লাভ কৰা নাই। ইফালে, সিদিনাৰ ঘটনাৰ বুজ ল’বলৈ আজি নলবাৰীত উপস্থিত হয় অসম আৰক্ষীৰ এডিজিপি জি পি সিং। নলবাৰী আৰক্ষীৰ সাহসিক পদক্ষেপ আৰু ডকাইত গুলীবিদ্ধ হোৱা ঘটনাৰ বুজ ল’বলৈ উপস্থিত হ’ল অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াজন। নলবাৰী সদৰ থানাত উপস্থিত হৈ নলবাৰী আৰক্ষীৰ দুঃসাহসিক কাৰ্যৰ উচ্চ প্ৰশংসা কৰে এ ডি জি পি জি পি সিঙে। নলবাৰীত উপস্থিত হৈ ডকাইতৰ লগত দুঃসাহসিক অভিযান চলোৱা আৰক্ষীক পুৰস্কৃত কৰে জিপি সিঙে। নগদ ধনেৰে পুৰস্কৃত কৰে অভিযানত থকা আটাইকেইজন কনিষ্টবলক। একেদৰে অভিযানত নেতৃত্ব দিয়া আটাইকেইজন বিষয়াক সাহসিকতাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে জিপি সিঙে। আৰু এইদৰে আৰক্ষীক পুৰস্কৃত কৰাৰ পিছত কোনো অপৰাধীক সাৰি যাবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে জিপি সিঙে। অপৰাধীক কঠোৰ সকীয়নি প্ৰদান কৰি জিপি সিঙে কয় যে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থাকিব। একেদৰে শীঘ্ৰেই আবু বক্কৰ ছিদ্দিকৰ গেঙৰ পলাতক সদস্য কেইজনকো কৰায়ত্ত কৰা হ’ব বুলি মন্তব্য কৰে জিপি সিঙে। ইফালে, ড্ৰাগছ সম্পৰ্কত জিপি সিঙে কয় যে ড্ৰাগ্‌ছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান কঠোৰভাৱে চলি থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here