Home ক্ৰীড়া অসম ক্ৰিকেট দললৈ নিৰ্বাচিত বৰপেটাৰোডৰ আদিত্য বিক্ৰম তেৱাৰী

অসম ক্ৰিকেট দললৈ নিৰ্বাচিত বৰপেটাৰোডৰ আদিত্য বিক্ৰম তেৱাৰী

105
0

গণবাৰ্তা,হাউলী,১৬ চেপ্তেম্বৰঃ অসম ক্ৰিকেট দলৰ ১৯ বছৰ অনুৰ্ধ শাখালৈ নিৰ্বাচিত হৈছে নামনি অসমৰ বৰপেটা জিলাৰ বৰপেটাৰোডৰ আদিত্য বিক্ৰম তেৱাৰী ৷ সেইমৰ্মে তেওঁ অহা ২৮ চেপ্তেম্বৰৰ পৰা গুজৰাটৰ  আহমেদাবাদত অনুষ্ঠিত হবলগীয়া বিনোদ মানকাণ্ড ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰি খেলিব ৷ তেখেত বৰপেটাৰোডৰ মিলন নগৰৰ ডাঃ অজয় ভাস্কৰ তেৱাৰী আৰু মনিষা তেৱাৰীৰ পুত্ৰ ৷ বিক্ৰমে এই সুযোগ লাভ কৰাত শুভেচ্ছা জনাইছে ক্ৰীড়া প্ৰেমী সকলৰ লগতে শুভাকাংক্ষী সকলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here