Home শিৱসাগৰ অৱসান ঘটিল হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ...

অৱসান ঘটিল হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ গঠন হ’ল তদৰ্থ সমিতি

440
0


গণ বাৰ্তা, শিৱসাগৰ, ৩ মাৰ্চ: ঐতিহাসিক আজান পীৰ দৰগাহ পৰিচালনা সমিতিক লৈ বিগত প্ৰায় ৩ বছৰ ৫ মাহে সৃষ্টি হৈ অহা বিতৰ্ক আৰু দৰগাহৰ অচল অৱস্থাৰ অৱসান ঘটিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিয়া এক সুযোগ আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই লোৱা প্ৰচেষ্টাৰ ফলত এই সমস্যা সমাধান হৈছে৷ উল্লেখ্য যে ২০১৮ চনৰ জ্জ অক্টোবৰত পূৰ্বৰ কমিটীৰ কাৰ্যকাল শেষ হোৱাৰ পিছত গঠন হৈছিল নতুন সমিতি৷ কিন্তু উক্ত দিনাই আন এক পক্ষই সমান্তৰালভাৱে আন এখন পৰিচালনা সমিতি গঠন কৰাক লৈ বিৰ্তক আৰম্ভ হয়৷ বিষয়টো আদালতৰ মজিয়া পায়গৈ৷ আনহাতে, আদালতত গোচৰ চলি থকাৰ সময়তেই তিনি বছৰীয়া কাৰ্যকাল থকা কমিটী দুয়োখনৰ ম্যাদ সম্পূৰ্ণ হয়৷ তেনে অৱস্থাত যোৱা ১৭ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰ ৰুজু কৰা এটা পক্ষই বিষয়টো আদালতৰ বাহিৰত সমাধান কৰাৰ ইচ্চা প্ৰকাশ কৰে৷ এই সম্পৰ্কত আনটো পক্ষয়ো সন্মতি প্ৰদান কৰাত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মহামান্য আদালতে বিষয়টো দহ দিনৰ ভিতৰত সমাধান সূত্ৰ উলিয়াবলৈ দুয়োখন কমিটীক সুযোগ প্ৰদান কৰে৷ সেই সূত্ৰে দুয়োখন কমিটীৰ বিষয়ববীয়াসকলে তাৎক্ষণিকভাৱে মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যোৱা চ্ছ ফেব্ৰুৱাৰীত শিৱসাগৰৰ হোটেল আটলাণ্টাত বাবুল খানৰ সভাপতিত্বত অনুষ্ঠিত এক যুটীয়া বৈঠকত এক সমাধান সূত্ৰ উলিওৱা হয়৷ সেই সূত্ৰে ২০২১ চনৰ জ্জ অক্টোবৰত কাৰ্যকাল শেষ হোৱা দুয়োখন কমিটীৰ ব্যক্তিক লৈ এখন তদৰ্থ পৰিচালনা সমিতি গঠন কৰাৰ লগতে¸ আদালতত চলি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ উক্ত সিদ্ধান্ত আজি এক সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰে গঠন কৰি দিয়া সাংস্কৃতিক পৰিচয় উপ-সমিতিৰ অধ্যক্ষ চৈয়দ ৱাছবিৰ হুছেইনে সংবাদমেলখন জুম এপৰ মাধ্যমেৰে সম্বোধন কৰি চ্ছ ফেব্ৰুৱাৰীত দুয়োখন সমিতিয়ে লোৱা সিদ্ধান্তক ৰাজহুৱা কৰে৷ তেখেতে সাংবাদিকসকলক জানিবলৈ দিয়ে যে এই তদৰ্থ সমিতিখনে নৱেম্বৰ মাহলৈকে দৰগাহখন পৰিচালনা কৰিব৷ নৱেম্বৰ মাহৰ ভিতৰত এই তদৰ্থ সমিতিয়ে দৰগাহৰ চৌহদত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক লৈ অনুষ্ঠিত কৰিব সাধাৰণ সভা৷ উক্ত সভাতে গঠন কৰা হ’ব পূণাৰ্ংগ সমিতি৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৱাছবিৰ হুছেইনে কয় যে- সম্প্ৰীতিৰ প্ৰতীক আজান পীৰ চাহাবক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হ’লে সকলোৱে একত্ৰিতভাৱে কাম কৰিব লাগিব৷ তেওঁ এই সংবাদমেলতেই জানিবলৈ দিয়ে যে অসম চৰকাৰে গঠন কৰি দিয়া সাংস্কৃতিক পৰিচয় উপ-সমিতিৰ প্ৰতিবেদন অহা ১১ বা ১২ মাৰ্চত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীক প্ৰদান কৰা হ’ব৷ এই প্ৰতিবেদনত আজান পীৰক লৈ বহু পৰামৰ্শ আগবঢ়োৱা হৈছে৷ বৰ্তমানে বন্ধ হৈ থকা আজান পীৰ বঁটা পুনৰ প্ৰদান কৰাৰ বিষয়টোও চৰকাৰক দৃষ্টিগোচৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে৷ সংবাদমেলখন সম্বোধন কৰি তদৰ্থ সমিতিৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই কয় যে দৰগাহ পৰিচালনা সমিতিক লৈ সৃষ্টি হৈ থকা অবাঞ্ছিত বিতৰ্কই দৰগাহখনৰ উন্নয়ন বহু পিছুৱাই লৈ গৈছে৷ সৃষ্টি হৈছে এক অচল অৱস্থা৷ তেনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেই কাৰ্যকাল শেষ হোৱা দুয়োখন কমিটীয়ে একেলগ হৈ শীঘ্ৰে সাধাৰণ সভা অনুষ্ঠিত কৰি পূৰ্ণাংগ সমিতি গঠন কৰাৰ পোষকতা কৰিছে৷ যোৱা চ্ছ ফেব্ৰুৱাৰীত গঠন হোৱা তদৰ্থ সমিতিখনৰ সভাপতি ৰূপে আলহাজ হবিব উল্লাক কাৰ্যকৰী সভাপতি ৰূপে, চৈয়দ হকিকুৰ ৰহমান, পুতুল হুছেইন, অমৃত হাজৰিকাক আৰু সাধাৰণ সম্পাদকৰূপে ইনামূল হাজৰিকাক লৈ এখন ৩০জনীয়া তদৰ্থ সমিতি গঠন কৰা হয়৷ চ্ছ ফেব্ৰুৱাৰীৰ সভাই লোৱা সিদ্ধান্ত ইতিমধ্যে অধিবক্তাৰ জৰিয়তে আদালতক অৱগত কৰিবলৈ কোৱা হৈছে৷ আজান পীৰ দৰগাহ পৰিচালনা সমিতিক লৈ দীৰ্ঘদিনে সৃষ্টি হৈ অহা বিতৰ্কৰ অৱসান ঘটাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিচয় উপ-সমিতিৰ অধ্যক্ষ ৱাছবিৰ হুছেইনে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গঠনমূলক দৃষ্টিভংগীৰে পূৰ্বৰ দুয়োখন কমিটীৰ সদস্যসকল আগবাঢ়ি অহাত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷ সভাত তদৰ্থ সমিতিৰ সভাপতি আলহাজ হবিব উল্লাই যোৱা তিনি বছৰ পাঁচ মাহে দৰগাহখনত সৃষ্টি হোৱা অচল অৱস্থাৰ বাবে দুখ প্ৰকাশ কৰে৷ সংবাদমেলত তদৰ্থ সমিতিৰ কাৰ্যকৰী সভাপতি চৈয়দ হকিকুৰ ৰহমান, পুতুল হুছেইন, বাবুল খান, চৈয়দ মাৰুফ হুছেইন আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here