Home স্থানীয় ৰংঘৰ চাৰিআলি যুৱ জামাতৰ প্ৰশংসনীয় পদক্ষেপঃ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সুস্বাদ মিঠাই-চৰবটেৰে...

ৰংঘৰ চাৰিআলি যুৱ জামাতৰ প্ৰশংসনীয় পদক্ষেপঃ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সুস্বাদ মিঠাই-চৰবটেৰে সহস্ৰাধিক লোকক কৰিলে আপ্যায়ণ

67
0


চামিউল আহমেদ, জয়সাগৰ, ৩ মে’ ঃ মহামাৰী ক’ৰনাৰ বাবে বিগত দুটা বছৰে প্ৰতিগৰাকীয়ে অসমীয়াৰ বাপতি সাহোন বিহুৰ লগতে অন্যান্য ধৰ্মীয় উৎসৱ উলহ-মালহেৰে উদ্‌যাপন কৰিব পৰা নাছিল৷ কিন্তু এইবাৰ পৰিস্থিতিয়ে শাম কটাৰ বাবে ৰাইজে বিহুৰ লগতে বিভিন্ন ধৰ্মীয় উৎসৱ সুচাৰুৰূপে পালন কৰা দেখা গৈছে৷ জাতীয় উৎসৱ বিহু পালনৰ পিছতেই শিৱসাগৰত আজি ইছলাম ধৰ্মীয় লোকসকলে উলহ-মালহেৰে ঈদ-উল-ফিতৰ পালন কৰা দেখা যায়৷ আজি পুৱাৰ ভাগত শিৱসাগৰৰ বিভিন্ন ঈদগাহ তথা মছজিদত ঈদৰ দুই ৰাকাত ৱাজিব নামাজ সুকলমে আদায় কৰাৰ পৰিলক্ষিত হয়৷ ইফালে ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন ঈদগাহ তথা মছজিদসমূহ স্থানীয় যুৱকসকলে আটকধুনীয়াকৈ আলোকসজ্জাৰে সজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিখন তোৰণৰ তলত প্ৰতিগৰাকীয়ে ফটো তোলা দেখিবলৈ পোৱা যায়৷ আনহাতে, নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ স্থানীয় যুৱকসকলৰ ঈদৰ বিভিন্ন কৰ্মসূচীৰ বিপৰীতে ঐতিহাসিক শিৱসাগৰ নগৰৰ কাষতে লাগি থকা ৰংঘৰ চাৰিআলি যুৱ জামাত, আমগুৰি যুৱ জামাত, আমগুৰিঘাটৰ প্ৰগতিশীল যুৱ সমাজ, ন-আলি যুৱ সমাজ, হাতীখোক যুৱ সমাজ, জয়সাগৰ যুৱ সমাজকে ধৰি ৰংপুৰৰ বহুকেইখন যুৱ সমাজে আজি প্ৰসংশনীয় পদক্ষেপে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ সমাজৰ সকলো লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাৰ মানসেৰে যুৱকসকলে ঈদৰ দিনাই প্ৰতিকূল বতৰকো নেওচি এ টি ৰোড, দুৱৰণি আলি, বৰ আলিয়েদি অহা-যোৱা প্ৰতিগৰাকী পথচাৰীকে আপ্যায়ন কৰে বিভিন্ন খাদ্য-সামগ্ৰীৰে৷ স্থানীয় যুৱকসকলে নিজৰ পকেটৰ ধন খৰচ কৰি পথচাৰীসকলৰ মাজত চৰবত, সুস্বাদু মিঠাই, খীৰ, খেজুৰকে ধৰি অন্যান্য কেইবাবিধো খাদ্য-সামগ্ৰীৰে আপ্যায়ন কৰে৷ পুৱাৰে পৰা এই যুৱকসকলে অশেষ কষ্ট স্বীকাৰ কৰি সন্ধিয়ালৈকে কে’বাসহস্ৰ লোকক আপ্যায়ন কৰায় এই খাদ্য৷ যুৱকসকলে অঞ্চলটোৰে পাৰ হৈ যোৱা প্ৰত্যেকখন বাছ, চাৰিচকীয়া তথা দুচকীয়া বাহনৰ লগতে পথেৰে খোজকাঢ়ি যোৱা সকলো লোককে খন্তেক সময়ৰ বাবে ৰখাই ঈদৰ ওলগ জনোৱাৰ লগতে উল্লিখিত খাদ্য-সামগ্ৰীৰে আপ্যায়ন কৰে৷ ইফালে, যুৱকসকলে খাদ্য-সামগ্ৰী বিতৰণ কৰি থকাৰ বাবে কোনোধৰণৰ যান-জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হয়৷ এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকে ৰংঘৰ চাৰিআলি যুৱ জামাতকে ধৰি প্ৰতিটো যুৱ সমাজক এই মহৎ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে৷ পৱিত্ৰ ঈদৰ লগত সংগতি ৰাখি হাতত লোৱা এনে পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰে৷ ইফালে, আজি ঈদৰ দিনটোত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আমগুৰি যুৱ সমাজে ঐতিহাসিক মেটেকা আৰু জোলাগাঁও অঞ্চলৰ কে’বাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ঘৰে ঘৰে গৈ ঈদৰ ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here