Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কিশোৰৰ ভেকচিন প্ৰক্ৰিয়া দ্ৰুত কৰাৰ পৰামৰ্শ : কেন্দ্ৰীয় গৃহমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয়...

কিশোৰৰ ভেকচিন প্ৰক্ৰিয়া দ্ৰুত কৰাৰ পৰামৰ্শ : কেন্দ্ৰীয় গৃহমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক, জিলাস্তৰত স্বাস্থ্য সেৱা উন্নত কৰাৰ নিৰ্দেশ মোদীৰ

119
0


নতুন দিল্লী, ৯ জানুৱাৰী:
দেশৰ ক’ভিড কি পৰ্যায়লৈ পাইছেগৈ তাৰ এক বিস্তৃত তথ্য লাভ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, কেবিনেট সচিবৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷ ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বৈঠকখনত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিস্তৃত তথ্য মন্ত্ৰীসকলৰ পৰা গ্ৰহণ কৰে৷ এই ভাৰ্চুৱেল বৈঠকত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাৱিয়া, কেবিনেট সচিব ৰাজীৱ গাৱা, গৃহ সচিব অজয় কুমাৰ ভাল্লাকে ধৰি আন বহু বিষয়া৷ এই বৈঠকত ক’ভিড পৰিস্থিতিৰ ওপৰত সমীক্ষা কৰাৰ উপৰিও কিশোৰক প্ৰদান কৰি থকা ক’ভিড ভেকচিনৰ সন্দৰ্ভতো আলোচনা কৰে৷ তাৰ সমান্তৰালকৈ ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু অনাগত দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেই সন্দৰ্ভত আলোচনা হয় এই উচ্ছস্তৰীয় বৈঠকত৷ উল্লেখ্য যে এই বৈঠক এনে এক সময়ত অনুষ্ঠিত হয় যি সময়ত সমগ্ৰ দেশত ক’ভিডৰ আতংকই পুনৰাই বিৰাজ কৰিছে৷ বিশেষজ্ঞসকলৰ অনুসৰি ভাৰতত ক’ভিডৰ তৃতীয় লহৰ আৰম্ভ হৈছে৷ যোৱা ২৪ ঘণ্টাত ১.৬ লাখ লোক আক্ৰান্ত হৈছে৷ যোৱা সাত মাহৰ পিছত ভাৰতত ২৪ ঘণ্টাত সৰ্বাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডত সংক্ৰমিত ব্যক্তিৰ হাৰ ১০.২১ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে, ক’ভিডত সক্ৰিয় আক্ৰান্তৰ সংখ্যা প্ত.৯০ লাখলৈ বৃদ্ধি পাইছে৷ এই উচ্ছস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ জিলা স্তৰসমূহত হাস্পতালৰ আন্তঃগাঁথনি উন্নত কৰাৰ নিৰ্দেশ দিয়ে৷ তাৰ সমান্তৰালকৈ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কিশোৰৰ ভেকচিন প্ৰক্ৰিয়াত গতি অনাৰ বাবে নিৰ্দেশ দিয়ে৷ তেওঁ কয়, ক’ভিডৰ এই সময়ছোৱাত জিলা স্তৰৰ হাস্পতালৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলক ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহক প্ৰয়োজন সাপেক্ষে সাহায্য প্ৰদান কৰা হ’ব৷ যিসমূহ স্থানত অধিকসংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে সেইসমূহ অঞ্চলক কণ্টেেইমণ্ট জ’ন হিচাপে ঘোষণা কৰিব লাগে আৰু তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে৷ ৰাজ্য চৰকাৰকসমূহক আৱশ্যকীয় সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে প্ৰদান কৰা হ’ব৷ ইয়াৰ উপৰি ৰাজহুৱা স্বাস্থ্য খণ্ড চৰ্চাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে৷ তাৰ লগতে যিসমূহ ৰাজ্যত অধিকসংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে সেইসমূহ ৰাজ্যক টেকনিকেল ছাপ’ৰ্ট প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here