Home Main Stories প্ৰায় চাৰি দশকৰ পাছত বিদ্যাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়ত উপস্থিত হৈ আবেগিক...

প্ৰায় চাৰি দশকৰ পাছত বিদ্যাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়ত উপস্থিত হৈ আবেগিক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : যোৰহাটৰ “বাল্যভৱনলৈ উভতি আহি যথেষ্ট পবিত্ৰ অনুভব কৰিছোঁ”– মুখ্যমন্ত্ৰী ডঃ শৰ্মা

232
0

“মন্টেচৰি শিক্ষা আগতেই সকলোতে আৰম্ভ হোৱা হলে আমি বহু আগুৱাই গলো হেতেন”–মুখ্যমন্ত্ৰী

গণ বাৰ্তা, যোৰহাট, ১৯ আগষ্ট: সুদীৰ্ঘ প্ৰায় চাৰি দশকৰ পাছত শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয় খনত উপস্থিত হৈ আজি নষ্টালজিক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে আহি আজি যোৰহাটত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি দিনটোৰ কাৰ্যসূচীৰ আৰম্ভ কৰে নিজে শৈশৱতে প্ৰাথমিক পৰ্য্যায়ত তথা শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ ঐতিয্যমণ্ডিত যোৰহাট বাল্য ভৱন বিদ্যালয়ত উপস্থিত হৈ। আজি পুৱা বিদ্যালয় খনৰ সন্মুখত উপস্থিত হৈ এক প্ৰকাৰ আবেগিক হৈ পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনৰ মূল গেটৰ সন্মুখত উপস্থিত হৈ সেৱা কৰি বিদ্যালয় খনৰ ভিতৰত প্ৰৱেশ কৰি চৌদিশে দৃষ্টি নিক্ষেপ কৰে। যেন তেওঁ স্মৰণ কৰাৰ চেষ্টা কৰে তেওঁৰ শৈশৱৰ সেই সোণোৱালী দিনবোৰ। তাৰ পাছতেই বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত বিভিন্ন বিষয়ক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনাত মিলিত হোৱাৰ লগতে ১৯৭২ চনৰ তেওঁ মন্টেচৰি শিক্ষা গ্ৰহণ কৰাৰ সময়ৰ ৰেজিষ্টাৰ বুক খনত নিজৰ নাম প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰে। তাৰ পাছত বিদ্যালয় খন পৰিদৰ্শন কৰি ইয়াৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰি সাংবাদিকৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই দহ টা সংকল্পৰ কথা ৰাইজৰ আগত উল্লেখ কৰিছিলোঁ। তাৰ এটা সংকল্প আছিল যে, আমি পঢ়া বিদ্যালয়, মহাবিদ্যালয় খনলৈ উভটি যোৱা। কি দৰে বিদ্যালয় খন পৰিচালিত হৈছে, তাত কি কি অসুবিধা আছে, কি ধৰণে তাৰ শৈক্ষিক উত্তৰণত সহায় কৰিব পাৰো। আমি যদি প্ৰত্যেক জন ব্যক্তিয়ে অলপ হলেও কিবা কৰিব পাৰো, তেন্তে সেই বিদ্যালয় খনৰ গৰিমা উভতি আহিব। তাকে মই বিশ্বাস কৰোঁ। যোৰহাটৰ এই বাল্য ভৱনতে মোৰ শিক্ষা বা জ্ঞান অৰ্জনৰ জীৱন আৰম্ভ হৈছিল। অকল মোৰেই নহয়, মোৰ জেষ্ঠ ভাতৃ জয়ন্ত বিশ্ব শৰ্মা, দিগন্ত বিশ্ব শৰ্মা, আৰু পৰলোকপ্ৰাপ্ত ভাতৃ প্ৰশান্ত বিশ্ব শৰ্মাই ও এই বিদ্যালয়তে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিছিল। বিদ্যালয় খনলৈ উভতি আহি সকলোকে লগ পাই পবিত্ৰ অনুভৱ কৰিলো। এক অদ্ভুত শান্তি অনুভৱ কৰিলো। মাজে মাজে ভবিষ্যতেও আহি থাকিম। বিদ্যালয়খনক আজিৰ পৰ্যায়লৈ লৈ অহা অবলা বাইদেউ আৰু আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছো। অতীত ৰোমন্থন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে, মোৰ এতিয়াও মনত আছে যে, ১৯৭২ চনত টিফিনৰ সময়ত লোফ আৰু কল খাইছিলোঁ। পাচিত আছিলে আৰু আমাৰ মাজত বিলাই গৈছিল এফালৰ পৰা। আৰু আমি খাইছিলোঁ। সেই স্মৃতি বোৰ আজিও সজীৱ হৈ আছে। আজি আমি তথা সকলোৱে কৈছে যে মিড ডে মিল ছাত্ৰ ছাত্ৰীক লাগে। কিয়নো লঘুণে থাকি ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। মিড ডে মিল যদি সঠিক ৰূপত চলে তেন্তে ই শিক্ষাক এক আনন্দ তথা শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীক নতুন প্ৰেৰণা দিয়ে। আজিৰ সমাজে তাক স্বীকাৰ কৰিছে। প্ৰাথমিক বিদ্যালয় সমূহত যদি আমি তেতিয়াই মন্টেচৰি শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলোঁহেতেন তেতিয়া হলে ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ লগত প্ৰতিযোগিতাত আমি বহুত আগবাঢ়ি গলো হেতেন। বাল্যভৱনৰ পৰা আমাৰ শিকিব লগীয়া বহু আছিল আৰু সেই সময়তে যদি আমি শিকিলোঁ হেতেন, তেন্তে অসমৰ শৈক্ষিক জীৱন বহুখিনি আগুৱাই গলহেঁতেন। আনহাতে তিনি দশকৰ আগৰ নাম পঞ্জীয়ন বহীত নিজৰ নাম চাই উৎফুল্লিত হৈ উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰথমতে মোৰ নাম ২৮ নম্বৰত আছিল, পিছত এক নম্বৰত আহি গল। বিদ্যালয় খনত অধ্যয়ন কৰাৰ সময়ৰ সকলো স্মৃতি মনত নাই , মোৰ দাদাৰ যথেষ্ট মনত আছে। কিয়নো ইয়াৰ পাছতে মই গুৱাহাটী লৈ যাওঁ। ছাত্ৰ ৰাজনীতি, অসম আন্দোলন আদি এটা বহু ডাঙৰ পৰিক্ৰমা। বাল্যভৱনলৈ অহাৰ মোৰ বহু দিনৰ এটা ইচ্ছা আছিল, কিন্তু মন্ত্রী হিচাপে অহাৰ ইচ্ছা নাছিল। এজন সাধাৰণ মানুহ হিচাপে ঘূৰি অহাৰ ইচ্ছা আছিল। কিন্তু মুখ্যমন্ত্ৰী হলো, আৰু নিজে বিদ্যা আৰম্ভ কৰা বিদ্যালয় খনত আহিলে উৎসাহ পাম ভৱিষ্যতৰ দিনত কাম কৰিবৰ বাবে। সেইবাবে আজি আহিলোঁ। আগতে আমি যেতিয়া আহিছিলোঁ বিদ্যালয় লৈ তেতিয়া দৰঙী চুকৰ পৰা বাল্যভৱনলৈ গোটেই কেইটাই খোজ কাঢ়ি আহিছিলোঁ। মোৰ জন্ম হৈছিল যোৰহাটৰ জেইল ৰোডত আৰু দাঙৰ দীঘল হৈছিলোঁ দৰঙী চুকত। যোৰহাটৰ বিহু , হুঁচৰি বহু কথাই মনত আছে। আৰু যোৰহাট এৰি যোৱাৰ পাছতো মোৰ মা, দেউতা ইয়ালৈ আহিয়েই আছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, চৰকাৰৰ দৃষ্টিত সকলো বিদ্যালয় একে। বাল্যভৱন বিদ্যালয় খনৰ এটা ইচ্ছা আছে যে, মন্টেচৰিৰ পৰা দ্বাদশ শ্ৰেণী লৈকে একেটা প্ৰাংগণত হব লাগে। শিক্ষামন্ত্ৰীয়ে তাৰ ব্যৱস্থা হাতত লব। আৰু প্ৰাক্তন ছাত্ৰ হিচাপে ইয়াৰ আন্তঃগাঁথনি, বিজ্ঞান লেবৰেটৰী , আন কোৱালিটি উন্নয়নৰ বাবে মই যিমান কৰিব লাগে কৰিম বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here