নতুন দিল্লী, ৩১ মে’ : কোৰোনা মহামাৰীৰ প্ৰথমটো আৰু দ্বিতীয়টো লহৰে ভাৰতৰ অৰ্থব্যৱস্থাত বৃহৎ আঘাত হানিছে। প্ৰথমবাৰলৈ ভাৰতৰ জিডিপি -২৩.৯ শতাংশলৈ গতি কৰিছিল। যিটো ভাৰতীয় অৰ্থব্যৱস্থাত জিডিপিৰ হাৰ অভূতপূৰ্বভাৱে হ্ৰাস পাইছিল। কোৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বৃহৎ লকডাউনৰ বাবেই ভাৰতৰ অৰ্থব্যৱস্থাত মোক্ষম আঘাত পৰিছিল। ইয়াৰ মাজতেই আজি ২০২০-২১ বিত্তীয় বৰ্ষৰ জিডিপি হাৰ ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পৰিসংখ্যা বিভাগে আজি জাৰি কৰা অনুসৰি ভাৰতৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ ভাৰতৰ জিডিপি হাৰ ঋণাত্মক হাৰত থাকে। চাৰি দশকৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ জিডিপি ঋণাত্মক হাৰত থাকে। ১৯৭৯-৮০ বিত্তীয় বৰ্ষৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ জিডিপি ঋণাত্মক হাৰত থাকে। আজি ঘোষণা কৰা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ ভাৰতৰ জিডিপি হাৰ হয় -৭.৩ণ। ইয়াৰ পূৰ্বে ১৯৭৯-৮০ত জিডিপি হাৰ আছিল -৫.২ণ। উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত জিডিপি হাৰ অভূতপূৰ্বভাৱে হ্ৰাস পাই -২৩.৯ণলৈ গতি কৰিছিল। ইয়াৰ পিছত দ্বিতীয়টো ত্ৰৈমাসিকত জিডিপিৰ হাৰ -৭.৫ণ নামিছিল। তৃতীয়টো ত্ৰৈমাসিকত জিডিপিৰ হাৰ ধনাত্মক দিশত গতি কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল। তৃতীয়টো ত্ৰৈমাসিকত জিডিপিৰ হাৰ ০.৪ শতাংশলৈ বৃদ্ধি পাইছিল। আনহাতে চতুৰ্থ তথা অন্তিমটো ত্ৰৈমাসিকত দেশৰ জিডিপি হাৰ ১.৬ শতাংশলৈ বৃদ্ধি পাইছিল। অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষটোত ভাৰতৰ জিডিপি হাৰ বেকফুটতেই আছিল। কোৰোনা মহামাৰীৰ পূৰ্বৰে পৰাই দেশৰ জিডিপি হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছিল। কোৰোনা মহামাৰীয়ে দেশত পদাৰ্পণ কৰাৰ পিছত দেশৰ জিডিপি আইচিইউলৈ গতি কৰে। ১৯৭৯-৮০ বিত্তীয় বৰ্ষৰ পিছত ভাৰতৰ জিডিপি প্ৰথমবাৰলৈ ঋণাত্মক হোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে। সেই সময়ছোৱাত ভাৰতত জনতা পাৰ্টীৰ চৰকাৰ আছিল। যি চৰকাৰ ৩৩ মাহলৈহে শাসনভাৰত আছিল। সেই সময়ছোৱাত খাৰুৱা তেলৰ মূল্য দুগুণ হাৰত বৃদ্ধি পাইছিল। উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষৰ চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত প্ৰথম দুটা ত্ৰৈমাসিকত জিডিপি হাৰ ঋণাত্মক আছিল আৰু আন দুটা ত্ৰৈমাসিকত ধনাত্মক হৈছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত দেশৰ জিডিপি হাৰ আছিল ৪ণ। এটা বিত্তীয় বৰ্ষতেই দেশৰ জিডিপি হাৰ অভাৱনীয় হাৰত হ্ৰাস পাইছে। ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকতো দেশৰ জিডিপি হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা ক্ষীণ। কিয়নো, কোৰোনাৰ দ্বিতীয়টো লহৰৰ বাবে ৰাজ্য চৰকাৰসমূহে নিজ নিজ ৰাজ্যত লকডাউন ঘোষণা কৰিছে। যাৰ বাবে অৰ্থব্যৱস্থাত পুনৰ এবাৰ আঘাত হনা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজকোষৰ ধনৰ লোকচান অনুমানতকৈ কম হৈছে। এই বিত্তীয় বৰ্ষটোত ৰাজকোষৰ ধনৰ লোকচান ১৮,২১,৪৬১ কোটি টকা হয়। এইটো জিডিপিৰ ৯.৩ শতাংশ বুলি উল্লেখ কৰাৰ উপৰি বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে অনুমান কৰা হৈছিল যে জিডিপিৰ ৯.৫ শতাংশ লোকচান হ’ব। ২০২১ৰ মাৰ্চৰ পৰা ২০২২ৰ মাৰ্চলৈ ভাৰতৰ জিডিপি হাৰ ৰিজাৰ্ভ বেংকে ১০.৫ শতাংশ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰাৰ লগতে আইএমএফে ১২.৫ শতাংশ আৰু বিশ্ব বেংকে ১০.১ শতাংশলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে।