Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় এছিয়াৰ সৰ্ববৃহৎ নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে :২১ শতিকাৰ নতুন...

এছিয়াৰ সৰ্ববৃহৎ নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে :২১ শতিকাৰ নতুন ভাৰতত উন্নত কৰা হৈছে দেশৰ আন্তঃগাঁথনি: মোদী

140
0


নতুন দিল্লী, ২৫ নৱেম্বৰ : এছিয়াৰ সৰ্ববৃহৎ বিমানবন্দৰৰূপে পৰিগণিত হ’বলৈ যোৱা নয়দা আন্তৰ্জাতিক বিমানবন্দৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি উত্তৰ প্ৰদেশৰ জেৱৰ বিমানবন্দৰৰূপে পৰিচিত এই বিমানবন্দৰটোৰ শিলান্যাস কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সম্বোধন কৰে৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিমান বন্দৰটোৰ শিলান্যাস কৰি জনসভাখন সম্বোধনত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকালত দেশৰ উন্নয়ন কিদৰে হ’বলৈ ধৰিছে তাৰ খটিয়ান দাঙি ধৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, একৈশ শতিকাৰ নতুন ভাৰতত এটাৰ পিছত আন এটাকৈ আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে৷ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো আমাৰ চৰকাৰৰ ৰাজনীতিৰ বিষয়বস্তু নহয়৷ এয়া আমাৰ ৰাষ্ট্ৰৰ হিতৰ বাবে কৰা কৰ্তব্য৷ আমাৰ কাৰ্যকালত উন্নত মানৰ পথ নিৰ্মাণ কৰি থকাৰ লগতে ৰে’ল নেটৱৰ্ক, উন্নত বিমানবন্দৰ নিৰ্মাণকাৰ্য চলি আছে৷ দেশবাসীৰ জনজীৱন উন্নত কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰে আন্তঃগাঁথনিৰ প্ৰজেক্টসমূহ কৰি আছে বুলি উল্লেখ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কয়, বিমানবন্দৰ নিৰ্মাণ হোৱাৰ লগে লগে কৰ্মসংস্থাপন বৃদ্ধি পাব৷ হাজাৰ-লাখৰ সংখ্যাত কৰ্মসংস্থাপনৰ পথ মুকলি হ’ব৷ পশ্চিম উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ লোকে এই বিমান বন্দৰৰ জৰিয়তে নতুন কৰ্মসংস্থাপন লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰাৰ উপৰিও আৰু কয় যে স্বাধীনোত্তৰৰ সাতটা দশকৰ পিছত প্ৰথমবাৰলৈ উত্তৰপ্ৰদেশে সেইসমূহ লাভ কৰিছে, যিসমূহ লাভৰ বাবে তেওঁলোক উপযুক্ত আছিল৷ ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ বাবে উত্তৰ প্ৰদেশৰ বিকাশ সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে উত্তৰ প্ৰদেশৰ বিকাশৰ বাবে কোনো কাম কৰা হোৱা নাছিল৷ উত্তৰ প্ৰদেশবাসীক অন্ধকাৰত ৰখা হৈছিল৷ পূৰ্বতে উত্তৰ প্ৰদেশবাসীক সপোন দেখুৱাই দায়িত্ব সামৰিছিল, কিন্তু কেন্দ্ৰত বিজেপি আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ উন্নয়নৰ বাবে বহু কৰা হৈছে৷ ৰাজনীতিৰ ঊধ্বৰ্ত গৈ ৰাজ্যখনৰ উন্নয়নৰ কাম কৰা হৈছে বুলি উল্লেখ কৰি আৰু কয় যে বিজেপিৰ লক্ষ্য হৈছে সকলোৰে বিকাশ কৰাটো৷ সব কা সাথ সবকা বিকাশ মূলমন্ত্ৰৰে বিজেপি আগবাঢ়ি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় উত্তৰ প্ৰদেশ আজি দেশতেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক পৰিচিত স্থানৰূপে পৰিগণিত হৈছে৷ ইয়াৰে এক উদাহৰণৰূপে আজি বিমানবন্দৰটোৰ শিলান্যাস সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰে৷ উল্লেখ্য যে এই বিমান বন্দৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে এছিয়াৰ সৰ্ববৃহৎ বিমানবন্দৰ হৈ পৰিব৷ আজিৰ শিলান্যাস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ উপৰি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি আন বহু কেন্দ্ৰীয় নেতা উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here