Home Main Stories মুখ্যমন্ত্রীক সাক্ষাৎ কৰি এন ই এফ ল’ কলেজৰ পৰা আনুষ্ঠানিকভাৱে চি এম...

মুখ্যমন্ত্রীক সাক্ষাৎ কৰি এন ই এফ ল’ কলেজৰ পৰা আনুষ্ঠানিকভাৱে চি এম ৰিলিফ’ ফান্ডলৈ ১০০০০০.০০ টকাৰ চেক প্ৰদান

194
0

গুৱাহাটী, ৩০ মে: দেশত ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ক’ভিডৰ দ্বিতীয় ঢৌ ৰাজ্যত ব্যাপক সংক্ৰমণ আৰম্ভ হৈ গৈছে। লক্ষণীয় যে ক’ভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰাইজৰ পৰা সহায় বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাজ্যক ‘জনভাগীদাৰী’ হ’বলৈ আহবান জনাইছে। ক’ভিডৰ টিকাকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক ৬০০-৮০০ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি সকলো ৰাইজক যাতে টিকাকৰণ কৰিব পৰা যায় তাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহবান জনাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহবানক সঁহাৰি জনাই এনইএফ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙনি আগবঢায়। অলপতে এনইএফ আইন মহাবিদ্যালয়ৰ সঞ্চালক তথা ‘দৈনিক গণ অধিকাৰ’ৰ সম্পাদক ড০ জাকিৰ হুছেইনে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ১,০০,০০০ টকাৰ চেক অৰ্পণ কৰে। উক্ত সময়ত ‘দৈনিক গণ অধিকাৰ’ৰ পৰিচালন সঞ্চালক ছাহজাহান তালুকদাৰ, এনইএফ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূৱন বৰুৱা আৰু  এনইএফ আইন মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া পদুমী ডেকা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here