Home Main Stories VIDEO | ৰাষ্ট্ৰীয় উদ্যানৰ বান ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্রীয়ে ◾️ চোৰাং চিকাৰ...

VIDEO | ৰাষ্ট্ৰীয় উদ্যানৰ বান ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্রীয়ে ◾️ চোৰাং চিকাৰ প্ৰতিৰোধী ব্যৱস্থা দ্রুততৰ কৰাৰ বাবে বিশেষ কর্ম বাহিনী গঠন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

38
0

বন সুৰক্ষা বাহিনীৰ ৰেচন ভাট্টা ৮৪০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধিৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ ◾️ বন্যপ্ৰাণীৰ স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠানক শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰধান ◾️ মুখ্য বন সংৰক্ষকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

গণ বাৰ্তা, বোকাখাত,, ২৭ মে’: আসন্ন বানপানী আৰু ইয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ওপৰত পৰা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত উদ্যানখনৰ বান ব্যৱস্থাপনা আৰু জীৱ-জন্তু সুৰক্ষাৰ দিশসমূহ পর্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন তথা পশু চিকিৎসা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। গোলাঘাট জিলাৰ কাজিৰঙাত অনুষ্ঠিত এই বৈঠকত কৃষিমন্ত্রী অতুল বৰা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিত্তমন্ত্রী অজন্তা নেওগ, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, অসম বিধানসভাৰ উপাধ্যক্ষ ড° নোমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱাৰ লগতে ডিফু, হাওৰাঘাট, বৈঠালাংছ’ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কসকল তথা জিলা প্রশাসন, আৰক্ষী আৰু বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। উদ্যানখনত চোৰাং চিকাৰ প্ৰতিৰোধী অভিযান শক্তিশালী কৰি তোলাৰ বাবে এগৰাকী বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰি ইতিমধ্যে আটক কৰা তথা চার্জশিট দাখিল কৰা চোৰাং চিকাৰীসকলৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি দোষী সাব্যস্তকৰণৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই বিভাগক নির্দেশ দিয়ে। তেওঁ লগতে এই প্রক্রিয়াটো প্রতি মাহে পর্যালোচনা কৰিবলৈ প্ৰধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে। বন সুৰক্ষা বাহিনীক অধিক সবলীকৰণৰ বাবে চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰসমূহত চেটেলাইট ফোন প্ৰদান কৰাৰ লগতে সকলো অসম বন সুৰক্ষা বাহিনীক আধুনিক অস্ত্র-শস্ত্ৰৰে সু-সজ্জিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগক নির্দেশ দিয়ে। বনকর্মীসকলৰ প্ৰশিক্ষণৰ বাবে মান্দাকাটা কামাণ্ডো প্রশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই প্রধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণীৰ সুৰক্ষা অধিক শক্তিশালী কৰি তোলাৰ বাবে গোলাঘাটজিলাৰ আৰক্ষী অধীক্ষকৰ অধীনত এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ দুটা পদ সৃষ্টিৰ পদক্ষেপ লোৱাৰ লগতে উদ্যানখনৰ উপ-আৰক্ষী অধীক্ষকৰ খালী পদ শীঘ্ৰে পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে গৃহ বিভাগক নির্দেশ দিয়ে। নতুন পদ সৃষ্টিৰ জৰিয়তে নিযুক্ত কৰিবলগীয়া এই দুগৰাকী আৰক্ষী বিষয়াক সম্পূৰ্ণৰূপে উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামত নিয়োজিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিভাগটোক নির্দেশ দিয়ে। ৰাজ্যখনৰ বন সুৰক্ষা কৰ্মীসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীতকৰণৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। বন্যপ্রাণী সুৰক্ষাৰ কামত নিয়োজিত বনকৰ্মীসকলৰ খাদ্য সামগ্ৰীৰ বাবদ প্ৰদান কৰা ভাট্টাৰ পৰিমাণ বৰ্তমানৰ ৮৪০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰিবলৈ তেওঁ নির্দেশ দিয়ে। কনকর্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰসমূহৰ আধুনিকীকৰণৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে বন বিভাগক নির্দেশ দিয়ে।বন্যপ্রাণী সুৰক্ষাৰ বাবে সমন্বিত প্রয়াসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এগৰাকী বিশেষ আৰক্ষী সঞ্চালক প্রধানৰ অধ্যক্ষতাত তথা মাজুলী জিলাৰ বিষয়ববীয়াসকলকো অন্তর্ভুক্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে তাৎক্ষণিকভাৱে বিশেষ কর্ম বাহিনী (স্পেচিয়েল টাক্স ফ’ৰ্চ) গঠনৰ অধিসূচনা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। স্থানীয় জনসাধাৰণ আৰু বনকৰ্মীসকলৰ মাজৰ সম্পৰ্ক উন্নীতকৰণৰ লগতে বন্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠানটোক শীঘ্ৰে কার্যক্ষম কৰি তুলিবলৈও তেওঁ প্ৰধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ ৰাজহ গাঁওসমূহৰ পৰা উচ্ছেদ কৰা পৰিয়ালসমূহক প্ৰদান কৰিবলগীয়া পুনৰ সংস্থাপন অনুদানৰ বিষয়টো সোনকালে মীমাংসা কৰাৰ উপৰি উদ্যানখনৰ বন্যপ্রাণী কৰিডৰসমূহ দ্ৰুতভাৱে চিনাক্তকৰণৰ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। বানপানীৰ সময়ত জীৱঞ্জস্তুবোৰে আশ্ৰয় ল’ব পৰাকৈ উদ্যানৰ ভিতৰত অতিৰিক্ত হাইলেণ্ড নিৰ্মাণৰ বাবেও প্ৰস্তাৱ দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বন বিভাগক নির্দেশ দিয়ে বানপানীৰ ফলত আবদ্ধ হৈ পৰা জীৱ-জন্তুসমূহৰ বাবে পর্যাপ্ত খাদ্য যোগান সুনিশ্চিত কৰিবলৈও তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকক নির্দেশ দিয়ে। প্ৰথম শাৰীৰ কৰ্মী হিচাপে কর্তব্যত নিয়োজিত সকলো বনকর্মীকে ক’ভিড টীকাকৰণৰ কাম সম্পূর্ণ কৰাটো সুনিশ্চিত কৰিবলৈ মুখ্য মন্ত্ৰী ড° শৰ্মাই উপায়ুক্তসকলক নির্দেশ দিয়ে। নিহত বনকর্মীসকলৰ পৰিয়াললৈ প্ৰদান কৰিবলগীয়া এককালীন অনুদান তৎকালে মুকলি কৰাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিত্ত আৰু বন বিভাগকক নির্দেশ দিয়ে।বাৰিষা কাল আৰম্ভ হোৱা আগেয়েই পোহনীয়া গৰু-ম’হৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে তাৎক্ষণিক সেৱাত নিয়োজিত কৰিব পৰাকৈ পশু চিকিৎসক উপলব্ধ কৰাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে পশু চিকিৎসা বিভাগক নির্দেশ দিয়ে। বৈঠকৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে উদ্যানখনৰ বন্যপ্রাণী সুৰক্ষাৰ স্থিতি সন্দৰ্ভত এক বিস্তৃত প্রেজেন্টটেশ্যন আগবঢ়ায়। বৈঠকত উপস্থিত থকা পাঁচোখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে নিজ নিজ জিলাত চোৰাং চিকাৰ প্ৰতিৰোধ আৰু বন্যপ্রাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, গৃহ বিভাগৰ প্ৰধান সচিব নিজ বার্মা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (আইন-শৃংখলা) জি পি সিং প্রধান মুখ্য বন সংৰক্ষক তথা বন সুৰক্ষা বাহিনীসমূহৰ মুৰব্বী এ এম সিঙৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here