Home Main Stories শাৰদ পাৱাৰৰ পিছত ফাৰুক আব্দুল্লাই নাকচ কৰিলে প্ৰাৰ্থিত্ব:

শাৰদ পাৱাৰৰ পিছত ফাৰুক আব্দুল্লাই নাকচ কৰিলে প্ৰাৰ্থিত্ব:

281
0

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী বিচাৰি হাহাকাৰ বিৰোধীৰ

নতুন দিল্লী, ১৮ জুন ঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনৰ কুচকাৱাজ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই সংকটৰ মুখামুখি হৈছে বিৰোধী। বিৰোধীয়ে এখনৰ পিছত এখনকৈ বৈঠকত মিলিত হোৱাৰ পিছতো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাই। যিসকলক তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকে পোনচাতে নাকচ কৰাৰ বাবে বিৰোধী সংকটৰ মুখামুখি হৈছে। বিৰোধীৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনত কোন অৱতীৰ্ণ হ’ব সেয়া এতিয়াও প্ৰশ্ন চিহ্ন হৈ ৰৈছে। যিহেতুকে দুজনকৈ জ্যেষ্ঠ ৰাজনৈতিক নেতাই বিৰোধীয়ে আগবঢ়োৱা প্ৰাৰ্থিত্ব নাকচ কৰিছে। এনেক্ষেত্ৰত এতিয়া তেওঁলোকে কোন ৰাজনৈতিক নেতাক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব সেয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ ৰৈছে। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিবলৈ ধৰিছে সিমানেই বিৰোধীৰ ভিতৰচ’ৰাত নিৰ্বাচনৰ কুচকাৱাজ পূৰ্ণ গতিত চলিব ধৰিছে। কিন্তু এইক্ষেত্ৰত বিৰোধী সফল হ’ব পৰা নাই। সকলো বিৰোধী দল এতিয়াও ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ একত্ৰিত হ’ব পৰা নাই। তাৰ পূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে শাসক দলৰ। শাসক দলে ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ সাজু হৈ উঠিছে আৰু ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এনডিএৰ নেতাসমূহৰ সৈতে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বৈঠকত মিলিত হৈছে। কেনেদৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত আগবাঢ়িব লাগিব আৰু কেনেদৰে তেওঁলোকে নিৰ্বাচনত লাভৱান্বিত হ’ব তাক লৈ আলোচনা হ’বলৈ ধৰিছে। তাৰ বিপৰীতে  বিৰোধীয়ে এখনৰ পিছত আন এখনকৈ বৈঠকত মিলিত হোৱাৰ পিছতো ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই। শাসকীয় দলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ সিদ্ধান্তত উপনীত হোৱাৰ দিশে আগবাঢ়িছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই বিৰোধীৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব এনচিপিৰ প্ৰমুখ শাৰদ পাৱাৰক অৰ্পণ কৰিছিল যদিও তেওঁ প্ৰাৰ্থিত্ব নাকচ কৰিছে। তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ নিবিচাৰে যদিও বিৰোধীয়ে যিজন প্ৰাৰ্থীকে চূড়ান্ত কৰিব তেওঁক সমৰ্থন জনাব বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত শাৰদ পাৱাৰ থাকিব বুলি চৰ্চা লাভ কৰিছিল যদিও সেই চৰ্চা এতিয়া তল পৰিছে। কিয়নো তেওঁ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ ঘোষণা কৰিছে। একেদৰে বিৰোধীয়ে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল যদিও সেয়া তেওঁ পোনচাতে নাকচ কৰিছে। বিৰোধীয়ে তেওঁলৈ দিয়া প্ৰাৰ্থিত্ব নাকচ কৰি তেওঁ কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ছোৱাত বিৰোধীয়ে যিজন প্ৰাৰ্থীকে প্ৰাৰ্থিত্বক নিদিয়ক কিয় তেওঁ সমৰ্থন আগবঢ়াই যাব। তেওঁ কয়, সক্ৰিয় ৰাজনীতিত এতিয়াও কৰিবলগীয়া বহু কাম আছে। জম্মু-কাশ্মীৰৰ জনতাৰ হকে কাম কৰাৰ মন আছে। ফাৰুক আব্দুল্লা বৰ্তমান সময়ছোৱাত বৰ্তমানৰ সাংসদ আৰু নেচনেল কনফাৰেন্সৰ প্ৰমুখ। উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী দলৰ নেতাসমূহলৈ পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰাৰ পূৰ্বে বৈঠকত মিলিত হ’বলৈ আহবান জনাইছিল। সেই আহবানমৰ্মে বিৰোধী দলসমূহৰ মাজত বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত বিৰোধীৰ বহু নেতাই অংশ লৈছে যদিও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাই। এতিয়া চৰ্চাত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। তেওঁক বিৰোধীৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here