Home অসম একুৰি আঠ বছৰ সম্পূৰ্ণ কৰিলে গণ অধিকাৰ কাকতে

একুৰি আঠ বছৰ সম্পূৰ্ণ কৰিলে গণ অধিকাৰ কাকতে

235
0


খবিৰ আহমেদ
[এক]
ইংৰাজীত এষাৰ কথা আছে যে ট্ট journey of a thousand miles begins witha single step. এহেজাৰ মাইলৰ দীঘলীয়া যাত্ৰাও প্ৰথম আৰম্ভ হয় মাত্ৰ এটা খোজেৰে৷ আজি আগষ্ট মাহৰ এক তাৰিখ৷ ১৯৯৪ চনৰ আগষ্ট মাহৰ এক তাৰিখতেই ভূমিস্থ হৈছিল আজিৰ জনপ্ৰিয় দৈনিক কাকত, ‘গণ অধিকাৰ’৷ সেই সময়ত অৱশ্যে কাকতখন দৈনিক নাছিল, আছিল পষেকীয়া৷ বহুতো অভাৱ-অভিযোগ, n জ্জ পৃষ্ঠাত
একুৰি আঠ বছৰ সম্পূৰ্ণ কৰিলে গণ অধিকাৰ
ঘাত-প্ৰতিঘাত পাৰ কৰি আহি কাকতখনে আজি ত্ৰিছ বছৰত ভৰি দিলেহি৷ কিন্তু কাকতখনৰ জন্ম-যন্ত্ৰণাৰ কথাবোৰ স্মৰণ কৰিলে এতিয়াও আবেগেৰে মনবোৰ ভৰি উঠে৷
[দুই]
১৯৯৪ চনৰ জুলাই মাহ৷ সময়খিনি আছিল যথেষ্ট কঠিন৷ বড়োলেণ্ডৰ আন্দোলন তেতিয়া তুংগত৷ বহুতো গাঁৱত অবড়ো মানুহৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, লুটপাত হৈছিল তেওঁলোকৰ মূল্যৱান সম্পত্তি৷ প্ৰাণৰ মায়াত মানুহবোৰে আহি বাঁশবাৰী আশ্ৰয় শিবিৰত আশ্ৰয় লৈছিল৷ ২৪ জুলাই তাৰিখে বাঁশবাৰী আশ্ৰয় শিবিৰত মাজৰাতি হৈছিল দুৰ্বৃত্তৰ সেই ভয়ানক আক্ৰমণ৷ সেইবোৰ নিৰাশ্ৰয়, অসহায় মানুহৰ ওপৰতেই সেইদিনা মাজৰাতি দুবৃৰ্ত্তই চলাইছিল নিৰ্বিচাৰ গুলী৷ আশ্ৰয় শিবিৰত আছিল কেইবাহাজাৰ মানুহ – আলৰ বৃদ্ধৰ পৰা কোলাৰ কেঁচুৱালৈকে৷ প্ৰাণৰ মায়াত মানুহবোৰে যেনিতেনি দৌৰিছিল আৰু দৌৰিছিল৷ কোনোবাই দৌৰি প্ৰাণ ৰক্ষা কৰিব পাৰিছিল, কোনোবাই ঘূণিয়া হৈছিল; আনহাতে থিতাতেই প্ৰাণ গৈছিল বহুতৰেই৷ এনেদৰে আক্ৰমণৰ বলি হৈছিল প্ৰায় দেৰশ মানুহ৷ আক্ৰমণৰ বলি হোৱা মানুহবোৰ ট্ৰাকত ভৰাই চিকিৎসাৰ বাবে পঠাই দিয়া হৈছিল বৰপেটা আৰু গুৱাহাটীলৈ৷ গুৰুতাৰভাৱে আহত মানুহবোৰৰ কাৰোবাৰ বৰপেটা হাস্পতালত মৃত্যু হৈছিল, কাৰোবাৰ আকৌ মৃত্যু হৈছিল গুৱাহাটীত৷ কাৰোবাৰ আকৌ আদবাটতেই প্ৰাণবায়ু উৰি গৈছিল৷ অসমৰ্থিত সূত্ৰমতে মৃতকৰ সংখ্যা এশৰ ওপৰ আছিল যদিও নিৰ্ভৰযোগ্য সূত্ৰমতে মৃতকৰ সংখ্যা পোৱা গৈছিল তেত্ৰিছটা৷ বৰপেটা চিভিল হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ট্ৰাক ভৰাই মৰাশবোৰ লৈ যোৱা হৈছিল বাঁশবাৰীলৈ৷ আৰু তাৰ পিছত মৃত ব্যক্তিসকলৰ ধৰ্মীয় উপচাৰ নকৰাকৈ, মৰাশৰ ওপৰত কেৱল পানী ছটিয়াই দি জানাজা সম্পন্ন কৰা হৈছিল৷ হিতেশ্বৰ শইকীয়া তদানীন্তন মুখ্যমন্ত্ৰী আছিল৷ দেশ কঁপোৱা এই নৰসংহাৰৰ প্ৰশাসনিক তদন্ত হ’ব বুলি তেওঁ ঘোষণা কৰিছিল, কিন্তু তদন্ত হোৱাতো দূৰৈৰ কথা, আমি জনামতে সেই তদন্তৰ বাবে কোনো কমিটীও গঠন কৰা হোৱা নাছিল৷ এতিয়ালৈকে হোৱা নাই আৰু হোৱাৰ আশাও নাই৷ আনকি, সেই সময়ৰ ডি আই জি অসীম ৰয়ে কঞাকুছি আৰু ছান্থাইবাৰীৰ আশ্ৰয় শিবিৰত থকা অসহায়, গৃহহীন মানুহবোৰকো শিবিৰ এৰি দিয়াৰ বাবে মাৰপিট কৰিছিল৷
[তিনি]
দুখৰ বিষয় সেই সময়ৰ অসমৰ মুখ্য বাতৰি কাকতবোৰে এই নৃশংস আৰু জঘন্য হত্যাকাণ্ডৰ প্ৰকৃত বাতৰি পৰিৱেশন কৰা নাছিল৷ আৰু কৰিছিল যদিও প্ৰকৃত ঘটনাক বিকৃত কৰি তাৰ বিপৰীত ছবিটোহে প্ৰকাশ কৰিছিল৷ আটাইতকৈ জঘন্য মানসিকতাৰ পৰিচয় দিছিল অধুনালুপ্ত ৰংপুৰ নামৰ এখন সাপ্তাহিক কাকতে৷ প্ৰকৃত ঘটনাক গাপ দি এই কাকতখনে প্ৰচাৰ কৰিছিল যে বাঁশবাৰী অঞ্চলত বাংলাদেশী লোকসকলেহে স্থানীয় বড়ো লোকসকলক আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ ঘৰ-দুৱাৰ জ্বলাই দিছিল৷ এনেদৰে সঁচা বাতৰি পৰিৱেশনৰ সকলো পথ যেতিয়া ৰুদ্ধ হৈ গৈছিল তেতিয়াই বৰপেটাৰ কেইজনমান সমাজ সচেতন বিবেকৱান ব্যক্তিয়ে চিন্তা কৰিছিল এখন কাকতৰ কথা৷ আকস্মিক সিদ্ধান্ত লোৱা হৈছিল এখন কাকত প্ৰকাশ কৰিবলৈ৷ কিন্তু ভাবিলেইতো সকলো কথা হৈ নুঠে; এখন পূৰ্ণাংগ বাতৰি কাকত প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজনীয় অৰ্থ-কড়ি ক’ত? কিন্তু তথাপিও এই অন্যায়, অবিচাৰ আৰু মিথ্যাচাৰৰ কিঞ্চিত পৰিমাণে হ’লেও যাতে প্ৰতিবাদ কৰিব পৰা যায় সেই উদ্দেশ্য আগত ৰাখিয়েই তাৎক্ষণিকভাৱে সিদ্ধান্ত লোৱা হ’ল এখন কাকত উলিওৱাৰ৷ কাকতখন হ’ব পষেকীয়া আৰু ইয়াৰ নাম হ’ব ‘গণ অধিকাৰ’৷ সেই যুগান্তকাৰী সিদ্ধান্তৰ পিছত মূলতঃ যিকল ব্যক্তি আছিল তেওঁলোক হ’ল – প্ৰয়াত আতিউৰ ৰহমান খান, প্ৰয়াত ডাক্তৰ ছৈয়দ আহমদ জাদিদ, বৰপেটা জিলাৰ সত্ৰকণৰাৰ শুকুৰ আলী আৰু হাফিজ আহমেদ৷ হাফিজ আহমেদ আছিল এই কাকতখনৰ প্ৰথম সম্পাদক আৰু ইয়াৰ প্ৰথম প্ৰকাশক আছিল শুকুৰ আলী আৰু আতিউৰ ৰহমান খান৷ কাকতখন ছপা হৈছিল বৰপেটাস্থিত প্ৰয়াত সাহিত্যিক ইলিম উদ্দিন দেৱানৰ আজান প্ৰেছত৷ সেই সময়ত বৰপেটাত কম্পিউটাৰত ডিটিপি কৰা কাম আৰম্ভই হোৱা নাছিল৷ সেয়েহে কম্পোজাৰসকলে কায়িকভাৱে হাতেৰে আখৰ জোঁটনি কৰি লেখাবোৰ কম্পোজ কৰিছিল৷ বৰপেটাৰ মুছলিমপট্টিত থকা শুকুৰ আলীৰ ‘ব্ৰহ্মপুত্ৰ বীজ ভাণ্ডাৰ’ আছিল আমাৰ কাকতৰ কাৰ্যলয়৷ সেই দোকানখনতেই বহি বহি আমি বাতৰিবোৰ সংগ্ৰহ কৰিছিলো আৰু লিখি উলিয়াইছিলো৷ প্ৰথম সংখ্যাটো আছিল মাত্ৰ চাৰি পৃষ্ঠাৰ আৰু প্ৰথম খবৰটোৱেই আছিল বাঁশবাৰীৰ নৰসংহাৰৰ ওপৰত৷ কেতিয়াবা বাকী কৰি হ’লেও কাকতখন সময়মতে উলিয়াই দিয়াত ইলিমুদ্দিন দেৱানৰ জ্যেষ্ঠ পুত্ৰ প্ৰয়াত হাফিজ দেৱানৰ সঁহাৰি আছিল উল্লেখযোগ্য আৰু অকৃত্ৰিম৷ বৰপেটাৰ অৰূপ বোলা ল’ৰা এজনে [এতিয়া তেওঁ আদবয়সীয়া] প্ৰেছলৈ লেখাবোৰ অনা-নিয়া কৰা আৰু ইয়াৰ প্ৰচাৰ কাৰ্যত যথেষ্ট সহায় কৰিছিল৷
দুই-তিনিটা সংখ্যা প্ৰকাশ পোৱাৰ পিছত হাফিজ আহমেদ গুৱাহাটীলৈ গুচি গ’ল আৰু ইয়াৰ সম্পাদনাৰ দায়িত্ব আহিল এই প্ৰবন্ধ লেখকৰ ওপৰত৷ মই সম্পাদকৰ দায়িত্ব লাভ কৰাৰ কেইমাহমান পিছতেই ইয়াৰ প্ৰকাশৰ স্থান বৰপেটাৰ পৰা গুৱাহাটীলৈ সলনি হৈছিল৷ এনেদৰে বৰপেটা, গুৱাহাটী তথা সমগ্ৰ অসমৰ জ্ঞাত-অজ্ঞাত শ শ হিতাকাংক্ষী আৰু সমৰ্থকসকলৰ আৰ্থিক, কায়িক আৰু মানসিক সমৰ্থনক সাৰথি কৰি আৰু ছাহজাহান তালুকদাৰৰ একাণপতীয়া চেষ্টাৰ ফলত কাকতখন আগবাঢ়ি গৈ থাকিল৷ ২০১২ চনৰ পৰা ই দৈনিক কাকত হিচাপে প্ৰকাশ পাব ধৰিলে আৰু আজি ইয়াৰ এই বৰ্তমান ৰূপ৷ কাকতখনৰ একুৰি আঠ বছৰৰ এই দীঘলীয়া পৰিক্ৰমা পৰ্যালোচনা কৰি চালে দেখা যায় যে যি লক্ষ্য আৰু উদ্দেশ্য লৈ কাকতখনৰ জন্ম হৈছিল, সেই লক্ষ্য আৰু উদ্দেশ্যত কাকতখন এতিয়াও অটল আছে৷ বহু সংগ্ৰাম, অস্তিত্তৰ সংকটৰ পিছতো কাকতখনে নিপীড়িত, নিঃষ্পেষিত, মেহনতী জনতাৰ কাকত বুলি প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে৷ বিগত বছৰবোৰৰ দৰে আগন্তুক দিনবোৰতো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই ‘দৈনিক গণ অধিকাৰ’ৰ প্ৰতি তেওঁলোকৰ অকৃত্ৰিম আস্থা আৰু ভালপোৱা অটুট ৰাখিব বুলি আমাৰ আশা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here