Home Main Stories পাকৰ হাতত পৰাজয়ৰ পিছত আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মহম্মদ ছামী: ছামিৰ পক্ষত...

পাকৰ হাতত পৰাজয়ৰ পিছত আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মহম্মদ ছামী: ছামিৰ পক্ষত নামিল শ্বেহৱাগ, ইৰফান পাঠান, য়ুজবেন্দ্ৰ চাহাল

64
0


নতুন দিল্লী, ২৫ অক্টোবৰ : ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাক দলটোৱে ১০ উইকেটৰ ব্যৱধানত বৃহৎ জয়লাভ কৰি এক ইতিহাস ৰচনা কৰিছে৷ পাকিস্তানে ২৯ বছৰ পিছত বিশ্বকাপত ভাৰতক পৰাস্ত কৰিছে আৰু দলটোৱে টি-২০ ত ভাৰতৰ বিৰুদ্ধে প্ৰথমবাৰলৈ ১০ উইকেটৰ ব্যৱধানত বৃহৎ জয়লাভ কৰিছে৷ পাকিস্তানৰ এই জয় আৰু ভাৰতৰ পৰাজয়ৰ পিছত ছ’চিয়েল মিডিয়াত টাৰ্গেট হৈ পৰিছে ভাৰতৰ ১১জনীয়া দলটোৰ অন্যতম সদস্য তথা দ্ৰুতবেগী বলাৰ মহম্মদ স্বামী৷ মহম্মদ স্বামীয়ে ডুবাইত অনুষ্ঠিত বিশ্বকাপৰ এই মেচখনত ৩ অভাৰত ৪৩ ৰান হেৰুৱাইছিল আৰু উইকেট দখলত ব্যৰ্থ হৈছিল৷ তেওঁৰ লগতে আন বলাৰসকলো উইকেট দখলত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল যদিও ছ’চিয়েল মিডিয়াত মহম্মদ স্বামী টাৰ্গেট হৈ পৰিছে৷ বিভিন্নজনে তেওঁৰ বলিং প্ৰদৰ্শনক লৈ সমালোচনা কৰিছে৷ এনে এক পৰিস্থিতিত মহম্মদ স্বামীৰ পক্ষত নামিছে বহুজন৷ ইয়াৰ ভিতৰত প্ৰাক্তন ক্ৰিকেটাৰসকলো আছে৷ বীৰেন্দ্ৰ ছেহৱাগে টুইটাৰৰ জৰিয়তে স্বামীৰ পক্ষত লিখিছে – স্বামীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে যি ধৰণে টাৰ্গেট কৰা হৈছে তাক লৈ চিন্তিত৷ আমি সকলো তেওঁৰ পক্ষত থিয় হৈ আছো৷ তেওঁ এজন চেম্পিয়ন৷ অহা মেচখনত তেওঁক প্ৰদৰ্শন উন্নত কৰিবলৈ আহ্বান জনাইছে ছেহৱাগে৷’ একেদৰে ইৰফান পাঠানে তেওঁৰ পক্ষত থিয় হৈ টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে কেইবাবছৰ পূৰ্বে ময়ো ভাৰতীয় ক্ৰিকেট দলৰ এজন সদস্য আছিলো, যিটো দলে পাকিস্তানৰ হাতত পৰাজিত হৈছে, কিন্তু মোক কেতিয়াও পাকিস্তানলৈ যাবলৈ কোৱা নাছিল৷ এনেধৰণৰ অহেতুক কাৰ্য বন্ধ হ’ব লাগে বুলি তেওঁ কয়৷ একেদৰে ভাৰতীয় দলৰ য়ুজুবেন্দ্ৰ চাহালে স্বামীৰ পক্ষত উল্লেখ কৰিছে যে তেওঁক লৈ আমি গৰ্বিত৷ স্বামীৰপক্ষত ক্ৰিকেটাৰৰ উপৰি ৰাজনৈতিক নেতা ফাৰুক আব্দুল্লা আৰু সাংসদ আছাদুদ্দিন ওৱেছিয়ে টুইটাৰৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here