Home নগাঁও পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পৰো পৰো, ৰাজ্যৰ ৬০ খন মহাবিদ্যালয়ৰ অধ্যক্ষ পুনৰ...

পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পৰো পৰো, ৰাজ্যৰ ৬০ খন মহাবিদ্যালয়ৰ অধ্যক্ষ পুনৰ ঘূৰি যাব লাগিব পূৰ্বৰ পদলৈ

178
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৩ মাৰ্চ:
ৰাজ্যৰ মহাবিদ্যালয়সমূহত স্থায়ী অধ্যক্ষ নিযুক্তিৰ বিপৰীতে পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিয়া অধ্যক্ষৰ কাৰ্যকালক লৈ উদ্ভৱ হোৱা সমস্যাক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত নিযুক্ত হৈ থকা একাংশ অধ্যক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ নিৰ্দিষ্ট সময়ৰ বাবে ৰাজ্য চৰকাৰে নিযুক্তি দিয়া এইসকল অধ্যক্ষৰ কাৰ্যকাল অন্ত পৰাৰ পাছত পুনৰ পূৰ্বৰ কৰ্মৰত মহাবিদ্যালয়লৈ অধ্যাপকৰ পদত উভতি গৈ যোগদান কৰিব লাগিব৷ যাক কেন্দ্ৰ কৰি এতিয়া এইসকল অধ্যক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় ৬০খন মহাবিদ্যালয়ত এনে অধ্যক্ষ ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ পাছত ইয়াৰে একাংশ অধ্যক্ষৰ কাৰ্যকাল অন্ত পৰিবলৈ আৰু বেছি দিন নাই যদিও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এইসকল অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধি অথবা তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো এতিয়াও স্পষ্ট নকৰাত স্বাভাৱিকতে এইসকল অধ্যক্ষৰ মাজত চৰম উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ আনকি এনে পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি লাভ কৰা একাংশ অধ্যক্ষই চাকৰি কালৰ অৱসৰৰ প্ৰাকক্ষণত অধ্যক্ষৰ পদ এৰিব লগা হোৱা বিষয়টোক লৈ এতিয়া শৈক্ষিক মহলৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিক্ষা বিভাগৰ অধ্যক্ষ নিযুক্তিৰ সকলো নীতি-নিয়ম অনুসৰি নিযুক্তি লাভ কৰা এই সকল অধ্যক্ষক লৈ কৰা বৈষম্যমূলক আচৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ’ব৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষা বিভাগে ২০১৮ চনত নিযুক্তি আৰম্ভ কৰা এই পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথমে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত ড॰ সুৰজিৎ কুমাৰ ভাগৱতীয়ে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ড॰ জিতু বৰগোহাঞিয়ে নিযুক্তি লাভ কৰিছিল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই পাঁচ বছৰীয়া কাৰ্যকালৰ অধ্যক্ষ হিচাপে ৰাজ্যৰ প্ৰায় ৬০খন মহাবিদ্যালয়ত ৰাজ্যৰ শিক্ষা বিভাগে অধ্যক্ষ নিযুক্তি দিয়ে৷ স্থায়ী অধ্যক্ষৰ বিপৰীতে পাঁচ বছৰীয়া নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিযুক্তি দিয়া এই অধ্যক্ষসকলৰ একাংশৰ অহা বৰ্ষত কাৰ্যকাল অন্ত পৰিব যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত এতিয়াও কোনো নতুন নিৰ্দেশনা জাৰি নকৰাত চৰম অনি(য়তাত ভুগিছে এইসকল অধ্যক্ষই৷ ইতিমধ্যে বিষয়টোৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা আৰু শিক্ষা বিভাগৰ লগত এইসকল অধ্যক্ষই যোগাযোগ কৰিছে যদিও বিষয়টো অমীমাংসীত হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here