Home অসম লাচিত দিৱসত বাঘ হাজৰিকাক অপমান,লাচিতৰ পালি সেনাপতি বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ হিন্দু...

লাচিত দিৱসত বাঘ হাজৰিকাক অপমান,লাচিতৰ পালি সেনাপতি বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ হিন্দু জাগৰণ মঞ্চৰ নেতাৰ মন্তব্যৰ পিছতেই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া সমদল

31
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ নৱেম্বৰ :
লাচিত দিৱসৰ দিনাই পালি সেনাপতি বাঘ হাজৰিকাক চূড়ান্তভাৱে অপমান কৰিলে হিন্দুত্বৰ ঠিকা লোৱা তথা পাবত গজা সংগঠন হিন্দু জাগৰণ মঞ্চই৷ আজি লাচিত দিৱসৰ দিনা চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত লাচিত দিৱস উদ্‌যাপন কৰা অনুষ্ঠানত চানমাৰি খেলপথাৰৰ পৰা গুৱাহাটী ক্লাব উলুবাৰীলৈ এক শোভাযাত্ৰাৰ আয়োজন কৰিছিল৷ উক্ত শোভাযাত্ৰাত লাচিত বৰফুকন আৰু তেওঁৰ সহকাৰী যোদ্ধাসকলৰ প্ৰতীকী প্ৰদৰ্শন কৰা হৈছিল৷ কিন্তু সহকাৰী যোদ্ধাসকলৰ মাজৰ পৰা বাঘ হাজৰিকাৰ প্ৰতীক আঁতৰাইছিল হিন্দু জাগৰণ মঞ্চই৷ তদুপৰি হিন্দু জাগৰণ মঞ্চৰ অসম তথা উত্তৰ-পূবৰ তত্ত্বাৱধায়ক নৱেন্দু পাঠকে বাঘ হাজৰিকাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দু জাগৰণ মঞ্চৰ নেতা নৱেন্দু পাঠকে কয় যে মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰহে অৱদান আছে৷ কোনো বাঘ হাজৰিকাৰ অৱদান নাই৷ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি এটা কাল্পনিক চৰিত্ৰহে৷ অসমৰ বুৰঞ্জীত বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকিৰ কথা উল্লেখ নাই৷ উল্লেখ্য যে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি লাচিত বৰফুকনৰ পালি সেনাপতি আছিল বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি৷ বাঘ হাজৰিকাই পাহাৰ বগাই আহোম সেনালৈ টোঁৱাই থোৱা মোগলৰ বৰটোপসমূহত পানী ঢালি দিছিল, যাৰ ফলত নিৰ্ণায়ক যুদ্ধত মোগলৰ বৰটোপসমূহ বিকল হৈ পৰিছিল৷ তদুপৰি লাচিত বৰফুকনৰ নিৰ্দেশত শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ হৈ পালি সেনাপতি বাঘ হাজৰিকাই বীৰত্বৰে মোগলক পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ অসমৰ বুৰঞ্জীত আদিম কালৰে পৰা বাঘ হাজৰিকাৰ নাম উল্লেখ থকাৰ পিছতো হিন্দু জাগৰণ মঞ্চৰ পাবত গজা ইতিহাসবিদ নৱেন্দু পাঠকে বাঘ হাজৰিকাৰ অস্তিত্ব নাকচ কৰাৰ পিছত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সম্প্ৰতি হিন্দুত্বৰ দোহাই দি আৰ এছ এছৰ প্ৰিয়ভাজন হ’বলৈ একাংশ পাবত গজা সংগঠনে অসমত ইতিহাস বিকৃত কৰিবলৈ উঠি-পৰি লগা বুলি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আৰ এছ এছ তথা বিজেপিৰ প্ৰিয়ভাজন হ’বলৈ পশ্চিমীয়া হিন্দী সংস্কৃতিৰ দালালৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অসমৰ জাতীয় স্বাভিমানক জলাঞ্জলি দিবলৈও কুণ্ঠাবোধ কৰা নাই এনে বুদ্ধিজীৱীয়ে৷ লক্ষণীয় যে আৰ এছ এছে লাচিত দিৱসৰ দিনা লাচিত বৰফুকনক উত্তৰ-পূৰ্বাঞ্চলৰ শিৱাজীৰূপে আখ্যা দিছে৷ কিন্তু লাচিত বৰফুকনৰ সত্তাক আন কাৰোৰে সৈতে ৰিজোৱা সম্পূৰ্ণৰূপে অনুচিত৷ লাচিত বৰফুকনৰ বীৰত্ব একক আৰু অনন্য৷ একেদৰে মুছলমান হৈয়ো মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা বাঘ হাজৰিকাৰ অৱদানে খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেনে অৱস্থাত হিন্দু আৰু মুছলমানৰ মেৰুকৰণ কৰাৰ বাবে এতিয়া একাংশ পাবত গজা ইতিহাসবিদে বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি সদম্ভে ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here