Home অসম আজিৰ পৰা বিল্বেশ্বৰত দহ দিনীয়াকৈ আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ: নৱমীত বলি-উৎসৰ্গা হ’ব অৰ্ধশতাধিক...

আজিৰ পৰা বিল্বেশ্বৰত দহ দিনীয়াকৈ আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ: নৱমীত বলি-উৎসৰ্গা হ’ব অৰ্ধশতাধিক ম’হ

141
0


বিল্বেশ্বৰৰ পৰা আৰিফুল হক, ২৬ ছেপ্টেম্বৰ ঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শক্তিপীঠ তথা আধ্যাত্মিক শক্তি পূজাৰ বাবে বিখ্যাত নলবাৰী জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী বিে{¤শ্বৰ দেৱালয়ত আজিৰ পৰা প্ত অক্টোৱৰলৈ দহ দিনীয়াকৈ শাৰদীয় দুৰ্গোৎসৱ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে৷ ইতিমধ্য সীমান্ত মেনাক সভাপতি, অৱনী বৰ্মন, বিশ্বজ্যোতি বৰ্মনক উপ-সভাপতি, দিগন্ত শইকীয়াক সম্পাদক, দ্বীপ বৰ্মন, দ্বীপজ্যোতি বৰ্মনক সহঃ সম্পাদক হিচাপে লৈ এখন শক্তিশালী দুৰ্গোৎসৱ পৰিচালনা সমিতি গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি আজি দেৱীৰ প্ৰতিপদাদি কল্পাৰম্ভ শৈল পুত্ৰী ৰূপত পূজা, বলিদান, শান্তি নিৰ্মালি প্ৰদানৰ পিছত কাইলৈ ২৭ ছেপ্টেম্বৰত শুক্লা দ্বিতীয়া বিহিত ব্ৰহ্মাচাৰিণী ৰূপত দেৱীৰ পূজা, ২৮ ছেপ্টেম্বৰত শুক্লা তৃতীয় বিহিত চন্দ্ৰঘণ্টা ৰূপত দেৱীৰ পূজা, ২৯ ছেপ্টেম্বৰত শুক্লা চতুৰ্থ বিহিত কুষ্মাণ্ডা ৰূপত পূজা, ৩০ ছেপ্টেম্বৰত শুক্লা পঞ্চমী স্কন্ধমাতা ৰূপত পূজা, সন্ধিয়া বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন৷ এই অনুষ্ঠানত প্ৰজ্বালক হিচাপে উপস্থিত থাকিব ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ ৰ অক্টোবৰত দেৱীৰ কাত্যায়নী ৰূপত পূজাৰ পিছতে পুৱা ১১.৩০ বজাত পৰম্পৰাগতভাৱে দেৱী আদৰণি যাত্ৰা, সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড॰ দীনমণি ভাগৱতীয়ে, নিশা জ্ঝ বজাত দেৱীগৃহত নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন৷ ২ অক্টোবৰত মহাসপ্তমী কালৰাত্ৰি ৰূপত পূজা৷ ৩ অক্টোবৰত মহাঅষ্টমী মহাগৌৰী ৰূপত দেৱীৰ পূজা, চ্ছ্ৰ অক্টোবৰত মহানৱমী সিদ্ধিদাত্ৰী ৰূপত পূজা৷ প্ত অক্টোবৰত দেৱী বিসৰ্জন, দশমী বিহিত পূজা সম্পন্ন৷ এইবেলি বিে{¤শ্বৰ দেৱালয়ৰ বিশেষ মহানৱমী পূজাত ৰাজ্যখনৰ উপৰি দেশ- বিদেশৰ পৰা দহ লক্ষ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হ’ব বুলি উদ্যোক্তা সমিতিয়ে সম্ভাৱনা ব্যক্ত কৰিছে৷ ইতিমধ্য বিে{¤শ্বৰ দেৱালয় চৌহদ সজাই-পৰাই আলোকিত কৰি তুলিছে৷ বিশাল ভোজনালয়, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, চিকিৎসা ব্যৱস্থা, স্বচ্চতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি শ শ স্বেচ্ছাসেৱক নিয়োগৰ ব্যৱস্থা কৰাৰ উপৰি বেলশৰ আৰক্ষীৰ উপৰি নলবাৰী জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তাৰ সকলো দিশ ইতিমধ্য তন্ন তন্নকৈ পৰীক্ষা কৰি ব্যৱস্থা কৰা হৈছে বুলি বিল্লেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই জানিব দিছে৷ ইফালে নৱমীত বলি-উৎসৰ্গাৰ বাবে অৰ্ধশতাধিক ম’হ সাজু কৰি তোলা হৈছে৷ শক্তিপীঠ বিে{¤শ্বৰ দেৱালয়ত ৰজা নাগাক্ষৰ দিনৰে পৰা পৰম্পৰাগতভাৱে চলি অহা দুৰ্গোৎসৱৰ মহানৱমীৰ ম’হ বলিৰে ভক্তৰ মনোকামনা পূৰণত যি শক্তি লাভ কৰি আহিছে ভক্ত সমাজে তাৰ ধাৰা অব্যাহত ৰাখি দেৱী দুৰ্গা মাৰ ওচৰত ইতিমধ্যে ৫০গৰাকী ভক্তই দেৱীৰ ওচৰত ম’হ বলি আৰু ২০গৰাকী ভক্তই উৎসৰ্গা কৰাৰ বাবে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ উক্ত দহদিনীয়া পূজাৰ মহা আয়োজনত সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা উদ্যোক্তা সমিতিয়ে কামনা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here