Home স্থানীয় ধুবুৰী জিলাৰ নিচিনপুৰ কুলামুৱাত চপৰা চপৰা খহিছে কৃষি ভূমি

ধুবুৰী জিলাৰ নিচিনপুৰ কুলামুৱাত চপৰা চপৰা খহিছে কৃষি ভূমি

101
0

গণবাৰ্তা, জলেশ্বৰ, ১৪ জুন : ধুবুৰীজিলাত ব্ৰহ্মপুত্ৰতৰ প্ৰৱল গৰাখহনীয়া। চপৰা চপৰে খহিবলৈ লৈছে কৃষি ভূমি । জানিব পৰা মতে বিগত কেবাদিনো ধৰি অব্যাহত আছে প্ৰবল গৰাখহনীয়া। প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাই ধুবুৰী জিলা জল সম্পদ বিভাগৰ। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নিচিনপুৰ গাঁও পঞ্চায়তৰ কুলামুৱা, গাঁৱত বিগত এটা মাহ ধৰি ব্ৰহ্মপুত্ৰই চলাইছে তাণ্ডৱ। প্ৰতিদিনে চপৰা চপৰে খহিবলৈ লৈছে কৃষি ভূমি।ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে নতুন নতুন ঠাইত চলাইছে খহনীয়া। তৎস্বত্তেও স্থায়ী প্ৰতিৰোধৰ গুৰুত্ব নাই ধুবুৰী জিলাৰ জল সম্পদ বিভাগৰ। কেইদিনমান পূৰ্বে বিভাগৰ লোকে পৰ্যবেক্ষণ কৰি যায় যদিও আজিলৈ নিদিলে গুৰুত্ব। ফলত গাঁও খনলৈ নামি আহিছে ভাবুকি। যিকোন মুহুৰ্ততে ভেটি মাটি হেৰুৱাযাবপাৰে গাওবাসীয়ে তাৰ ঠিক নাই। উল্লেখযোগ্য যে স্থানীয় ৰাইজে কৱা মতে যদি নিচিনপুৰ কুলামুৱাত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় তেন্তে ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ পৰা মাত্ৰ 5/7/শ মিটাৰ দুৰত্বত থকা মথাউৰিটো যে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ কবলত পৰিব এক প্ৰকাৰ নিশ্চিত এনে প্ৰেক্ষাপটত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here