Home অসম ‘একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ’: কৃষিমন্ত্ৰী অতুল বৰা

‘একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ’: কৃষিমন্ত্ৰী অতুল বৰা

51
0


গণ বাৰ্তা, যোগীঘোপা, ২৪ নৱেম্বৰ : ‘একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ’ – এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ৷ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ত বিভিন্ন হিতাধিকাৰীৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই এই মন্তব্য কৰে৷ ৰাজ্যত বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্নীতি একেদিনাই নিৰ্মূল কৰাটো খুব কষ্টকৰ, অসম্ভৱ বুলিয়ে ক’ব লাগিব৷ ড্ৰাগ্‌ছ, চুপাৰিৰ ছিণ্ডিকেট, কয়লাৰ ছিণ্ডিকেট আদি যিবোৰ ছিণ্ডিকেট চলি আছে তাৰ বিৰুদ্ধে চৰকাৰে অতি কোঠৰ হৈ পৰিছে৷ আনহাতে, মন্ত্ৰীগৰাকীয়ে প্ৰশাসনৰ বিভিন্ন স্তৰত দুৰ্নীতি চলি থকা বুলি স্বীকাৰ কৰি কয় যে আগতকৈ বহু পৰিমাণৰ দুৰ্নীতি হ্ৰাস পাইছে৷ আমাৰ হাতত এতিয়াও চাৰে চাৰি বছৰ আছে, গতিকে আমি নিশ্চিতভাবে এইক্ষেত্ৰত সফল হ’ব পাৰিম বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ যি সময়ত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহণ কৰিছে তেনে সময়তে মন্ত্ৰী অতুল বৰাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে৷ মন্ত্ৰী বৰাই ‘কা’ আন্দোলন সন্দৰ্ভত কয় যে ‘কা’ আন্দোলন সন্দৰ্ভত আমাৰ স্থিতি অতি স্পষ্ট৷ ৰাইজে উন্নয়ন বিচাৰে, উন্নয়নৰ স্বৰ্থতে অসমৰ মানুহে এইবাৰ বিজেপি, অগপ আৰু ইউ পি পি এলক ভোট দিছে৷ ৰাইজ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন৷ এটা বছৰ আন্দোলন কৰিয়েই ৰাজনৈতিক দল গঠন কৰিছে যদিও ৰাইেজ কি ৰায়দান দিলে সকলোৱে জানে৷ কথা কোৱা আৰু কাম কৰাৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here