ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই বিশেষ সন্মান লাভ কৰিছে আইমী বৰুৱাই। ডিমাচা ভাষাৰ ছবি ‘ছেমখৰ’ৰ বাবে এই সন্মান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছবিখনত কেৱল অভিনয় কৰাই নহয়, পৰিচালনাৰ দায়িত্বতো আছিল আইমী বৰুৱা। টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত উক্ত সন্মান লাভ কৰাৰ পাছত আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী আইমী বৰুৱাই। ২০১৭ চনতেই ‘ছেমখৰ’ ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি যোৱা আইমী বৰুৱাই এই কৃতিত্বক লৈ অভিভূত হৈ পৰে। অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ছবিখনৰ আঁৰৰ কথা। এইখন হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ। টৰণ্টো ফি ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। চলচ্চিত্ৰখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক পৰিস্ফূট কৰি নিৰ্মাণ কৰা হৈছে। চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন। এই ছেমখৰ ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেল্ম ফেষ্টিভেলতো (Tagore International Film Festival) তিনিটা শিতানত সন্মান লাভ কৰিছিল। ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফি{j ফেষ্টিভেলত লাভ কৰা শিতানকেইটা আছিল— শ্ৰেষ্ঠ নাৰীৰ ওপৰত নিৰ্মিত ছবি (Best Women Film), শ্ৰেষ্ঠ আখ্যান (Best Narrative) আৰু নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা (Best Debut Film Maker)। উক্ত বছৰ আইমীয়ে লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান। ক’ভিড মহামাৰীৰ গ্ৰাসত পৰি অসমীয়া ছবি উদ্যোগটো সম্পূৰ্ণৰূপে স্থবিৰ হৈ থকাৰ সময়তে অভিনেত্ৰীগৰাকীৰ এহ× সাফল্যত উৎফুল্ল হৈছে অভিনেত্ৰীগৰাকীৰ অনুগামীসকল।