Home অসম ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ বোকা ছটিয়াৰ ৰাজনীতি : এআইইউডিএফ-কংগ্ৰেছৰ মাজত আৰোপ প্ৰত্যাৰোপৰ...

ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ বোকা ছটিয়াৰ ৰাজনীতি : এআইইউডিএফ-কংগ্ৰেছৰ মাজত আৰোপ প্ৰত্যাৰোপৰ যুঁজ

150
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ এপ্ৰিল: ৰাজ্য সভাৰ দুয়োখন আসনত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীয়ে বিজয় লাভ কৰাৰ পিছত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বোকা ছটিয়াৰ ৰাজনীতি৷ দুয়োটা দলে আৰোপ প্ৰত্যাৰোপেৰে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ কংগ্ৰেছে অভিযোগ তুলিছে যে এ আই ইউ ডি এফৰ সমৰ্থনত বিজেপি মত্ৰিজোঁট প্ৰাৰ্থীয়ে দুয়োখন আসনত বিজয়ী হৈছে৷ এ আই ইউ ডি এফে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক সহায় কৰিলে৷ এ আই ইউ ডি এফ এতিয়া বিজেপিৰ মিত্ৰজোঁটৰ দল হৈ পৰিল বুলি কংগ্ৰেছে অভিযোগ তুলিছে৷ তাৰ বিপৰীতে এ আই ইউ ডি এফে অভিযোগ তুলিছে যে, তেওঁলোকৰ ভৱিষ্যত শেষ কৰাৰ বাবে কংগ্ৰেছে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে৷ অসমৰ ৰাইজৰ আগত এ আই ইউ ডি এফক হেয় প্ৰতিপন্ন কৰাৰ বাবে কংগ্ৰেছে এনেধৰণৰ অভিযোগ তুলিছে বুলি উল্লেখ কৰে আজমল বাহিনীয়ে৷ ইয়াৰ মাজতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয় যে এ আই ইউ ডি এফৰ চৰিত্ৰ ৰাজ্যসভাত বিধানসভাৰ নিৰ্বাচনৰ পিছত অসমৰ মানুহে চিনি পালে৷ এতিয়া ৰাজ্যত এ আই ইউ ডি এফ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে৷ মুখ্যমন্ত্ৰীয়ে কয়– তেওঁলোকক এ আই ইউ ডি এফৰ ভোট নালাগে কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটাহে দেখা গৈছে৷ এ আই ইউ ডি এফৰ জৰিয়তে বিজেপি মিত্ৰজোঁটে ৰাজ্যসভাৰ দুয়োখন আসনত জয়ী হৈছে৷ এতিয়া বিজেপি মিত্ৰজোঁটৰ প্ৰয়োজন এ আই ইউ ডি এফৰ ভোট৷ বিজেপি মিত্ৰজোঁটৰ অংশ হৈ পৰিল এ আই ইউ ডি এফ৷ তেওঁলোকে নিৰ্বাচনৰ সময়ত দোকান-উদ্যোগ খুলি বহে৷ ২০১৪ নিৰ্বাচনৰ সময়ত মুকলিকৈ টিক ক্ৰয়-বিক্ৰয় হৈছিল৷ যিদৰে নিয়োগ মেলা বহে তেনেদৰে এ আই ইউ ডি এফৰো ক্ৰয়-বিক্ৰয়ৰ মেলা বহে৷ এই দলটো হৈছে ভণ্ডামিৰ দল৷ তেওঁলোকৰ চৰিত্ৰ এতিয়া সকলোৱে জানিলে৷ তাৰ বিপৰীতে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছে নতুন নাটক ৰচনা কৰিলে৷ ভূপেন বৰাৰ নেতৃত্বতে এই নাটক ৰচনা হ’ল৷ এই নাটকত ১০০ শতাংশ জড়িত আছে ভূপেন বৰা৷ মুখ্যমন্ত্ৰীৰ সহযোগতে ভূপেন বৰাই এনে নাটক ৰচনা কৰিলে বুলি অভিযোগ তুলি কয় যে কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰী এক হৈ এ আই ইউ ডি এফক হত্যা কৰিবলৈ বিচাৰিছে৷ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰৰ প্ৰতি যদি বিশ্বাস আছে তেন্তে আজি পুৱা প্ত বজাৰ পৰা ১০ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ গৃহৰ চি চি টিভিৰ ফুটেজসমূহ ৰাজহুৱা কৰিব লাগে৷ আৰক্ষীয়ে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে৷ আমি ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম৷ অখিল গগৈসহ কংগ্ৰেছৰ জ্জ্ব বিধায়কে বিজেপিক ভোট দিলে বুলি অভিযোগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here