Home Main Stories সকলো ধৰণৰ উচ্ছেদ কাৰ্য বন্ধ কৰক, উচ্চেদিত লোকসকলক দিয়ক সংস্হাপন ◾️...

সকলো ধৰণৰ উচ্ছেদ কাৰ্য বন্ধ কৰক, উচ্চেদিত লোকসকলক দিয়ক সংস্হাপন ◾️ মুখ্যমন্ত্ৰীক সাক্ষ্যাত এআইইউডিএফ বিধায়িনী দলৰ স্মাৰক পত্র

30
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ মে : এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে বিধায়িনী দলৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত চলোৱা অমানৱীয় উেচ্ছদ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এটি সঁজাতী দলে সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সঁজাতী দলটো উপস্থিত হৈ সকলোধৰণৰ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত লোকসকলক মানৱীয় সহায়সহ সংস্থাপন দিবলৈ আবেদন জনায়। ইপিন এ আই ইউ ডি এফ প্ৰদান কৰা স্মাৰক-পত্ৰত উল্লেখ কৰে যে ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত চলোৱা উচ্ছেদ অভিযানে তাত বসবাস কৰা লোকসকলৰ কাৰণে এক মহাবিপদ হিচাপে দেখা দিছে। ক’ভিড সংক্ৰমণৰ পৰা আত্মৰক্ষা, প্ৰয়োজনীয় খাদ্য-সামগ্ৰী আৰু আশ্ৰয়ৰ পৰা বঞ্চিত হৈ এই লোকসকল এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া লোকসকলে জীয়াই থকাৰ তাড়নাত হয়তো মথাউৰিৰ ওপৰত নাইবা পৰিত্যক্ত চৰকাৰী ভূমিত আশ্ৰয় লয়। চৰকাৰে বাৰে বাৰে এই লোকসকলক উচ্ছেদ কৰি খেদি পঠিয়ায় যদিও কেতিয়াও লোকসকলৰ দুখ-দুৰ্দশা বা অসহায় অৱস্থাৰ প্ৰতি বিন্দুমাত্ৰও সহানুভূতি প্ৰদৰ্শন নকৰে। ভূমিহীন-ভেটিহীন লোকসকলক বিকল্প সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব হোৱা সত্ত্বেও আজিলৈকে কোনো এখন চৰকাৰে এহ×ক্ষেত্ৰত একো যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে। এ আই ইউ ডি এফ দলে এই লোকসকলক অতি সোনকালে উপযুক্ত ক্ষতিপূৰণসহ পুনৰ্সংস্থাপনৰ ব্যৱস্থাৰ দাবী লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহি জানিবলৈ দিয়া মতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰাটো পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এই সঁজাতী দলত বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমী, উপ-দলপতি হাজী আমিনুল ইছলাম, মুখ্য সচেতক ড০ হাফিজ ৰফিকুল ইছলাম, ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, মানকাচৰ সমষ্টিৰ বিধায়ক অধিবক্ত মোঃ আমিনুল ইছলাম, সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন উপস্থিত থাকে বুলি বিবৃতিযোগে জানিবলৈ দিছে এ আই ইউ ডি এফ দলৰ প্ৰচাৰ বিভাগে । তদুপৰি একেটা বিবৃতিতে এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীয়ে উল্লেখ কৰে যে কিছুমান সংবাদ মাধ্যমে এই লোকসকলক সন্দেহযুক্ত নাগৰিক বুলি অপপ্ৰচাৰ আৰু মিনি বাংলাদেশ উচ্ছেদ বুলি যি এক অসাংবিধানিক আৰু ঘৃণনীয় শব্দ ব্যৱহাৰ কৰাটো আমাৰ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আমি তেওঁলোকক জনাব বিচাৰোঁ যে বিদেশীক চিহ্নিত আৰু বহিষ্কৰণৰ বিধি আছে। যদি তেওঁলোক বিদেশী তেন্তে নীতি সাপেক্ষে তেওঁলোকক চিহ্নিত কৰি বহিষ্কাৰ কৰক। কিন্তু তাকে নকৰি সকলোধৰণৰ বৈধ নথি থকা ভাৰতীয় নাগৰিকক এই জাতীয় শব্দ ব্যৱহাৰেৰে হাৰাশাস্তি কৰি থকাৰ লগতে অধিকাৰ হৰণৰ ষড়যন্ত্ৰ এ আই ইউ ডি এফ দলে মানি নলয় বুলি তেওঁ ব্যক্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here