Home অসম বিধায়ক শ্বেৰমান আলীৰ এ আই ইউ ডি এফত যোগদান নিশ্চিত : ২০২৪...

বিধায়ক শ্বেৰমান আলীৰ এ আই ইউ ডি এফত যোগদান নিশ্চিত : ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব শ্বেৰমান আলী

218
0


পুলেন্দ্ৰ দাস, বৰপেটা, ১৯ নৱেম্বৰ: কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে এ আই ইউ ডি এফ দলত যোগদান কৰোটো প্ৰায় নিশ্চিত হৈছে ৷ আজি যেন তাৰেই স্পষ্ট প্ৰমাণ পোৱা গ’ল বৰপেটা চহৰত ৷ বৰপেটা আৱৰ্ত ভৱনত এ আই ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ নেতৃবৃন্দই বিধায়ক শ্বেৰমান আলী আহমেদক আদৰণি জনায় ৷ বিশেষ সূত্ৰে জানিব পৰা মতে এ আই ইউ ডি এফৰ হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিয়ে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক বিশেষ ভাবে আদৰণি জনায় ৷ জানিব পৰা মতে অহা ২৪ ডিচেম্বৰত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতে আলোচনা কৰি এ আই ইউ ডি এফ দলত যোগদান কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিব শ্বেৰমান আলীয়ে ৷ সূত্ৰটোৱে জনোৱা অনুসৰি ডিচেম্বৰৰ বিধানসভাৰ অধিৱেশনৰ পিছতেই শ্বেৰমান আলী আহমেদে বিধায়ক পদ ত্যাগ কৰিব ৷ সূত্ৰটোৱে জনোৱা অনুসৰি সমাগত মাৰ্চ মাহত হ’ব লগীয়া উপ-নিৰ্বাচনত শ্বেৰমান আলী আহমেদে বাঘবৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ আনহাতে ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত শ্বেৰমান আলী আহমেদ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে ৷ পূৰ্বৰ নেতা শ্বেৰমান আলী আহমেদে পুনৰ এ আই ইউ ডি এফ দলত যোগদান কৰিব বুলি ওলোৱা খবৰে উৎফুল্ল কৰিছে এ আই ইউ ডি এফ দলৰ নেতা কৰ্মী আৰু সমৰ্থকসকলক ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here