Home Main Stories অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

53
0

গুৱাহাটী, ১৬ জুলাই : অৰুণোদয় আঁচনিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলি অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। আঁচনিখনত ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে। চলিত বৰ্ষত আঁচনিখনৰ বাবে বাজেটত ১,৮০০ কোটি টকা ধাৰ্য কৰা হৈছে। উল্লেখ্য যে, এইখন আঁচনি অসমৰ এখন সৰ্ববৃহৎ আঁচনি, যিখনে অসমৰ মুঠ পৰিয়ালৰ ৪০ শতাংশক সামৰি লৈছে। বাজেট ভাষণত এই কথা সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ । এই আঁচনিখন পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলি ৮৩০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানলৈকে ২০ লাখ ২১ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীলৈ ১৬৭.৭৮ কোটি টকা মুকলি কৰি দিয়া হৈছে। ইয়াৰ লগতে ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। যোগ্য হিতাধিকাৰীসকলহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। আনহাতে অযোগ্য হিতাধিকাৰী থাকিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও অৱগত কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। হিতাধিকাৰীসকলৰ ঘৰত অৰুণোদয় লগ’ দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে অৰুণোদয় পৰিয়াল হিচাপে সেই পৰিয়ালটোৱে গৌৰৱ অনুভৱ কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here