Home অসম মুছলপুৰত মাইক্ৰ’ফাইনেঞ্চৰ হিতাধিকাৰীক চেক প্ৰদান মন্ত্ৰী অজন্তা নেওগৰ

মুছলপুৰত মাইক্ৰ’ফাইনেঞ্চৰ হিতাধিকাৰীক চেক প্ৰদান মন্ত্ৰী অজন্তা নেওগৰ

239
0


গণ বাৰ্তা, মুছলপুৰ, ২৯ ডিচেম্বৰ: অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত বাক্সা জিলাৰ মুছলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি আয়োজিত এই ‘অসম মাইক্ৰ’ ফাইনেঞ্চ ঋণ সকাহ আৰু উদ্‌গনিমূলক আঁচনি’ৰ অধীনত প্ৰথম পৰ্যায়ত মুঠ ২২ কোটি ৬১ লাখ টকাৰ চেক বিতৰণ কৰা হয়৷ আজি জিলাখনৰ ১১,২৫৪গৰাকী মহিলাৰ মাজত এই চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷উল্লেখ্য যে অসম চৰকাৰে নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ’ ফাইনেঞ্চৰ সকলো ঋণ পৰিশোধ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল৷ সেই মতে আজি বাক্সা জিলাৰ মুছলপুৰত মুছলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প আৰু জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম৷ আজিৰ এই চেক বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ভাষণতে প্ৰতিশ্ৰুতি দিছিল যে মহিলাসকলক মাইক্ৰ’ ফাইনেঞ্চৰ ঋণৰ সকাহ দিয়া হ’ব আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰীয়ে যোৱা ২৮ নৱেম্বৰৰ পৰাই অসমৰ বিভিন্ন জিলাত পৰ্যায়ক্ৰমে মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ দিবলৈ ‘অসম মাইক্ৰ’ ফাইনেঞ্চ ঋণ সকাহ আৰু উদ্‌গনিমূলক আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ আনহাতে, জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বহু সময়ত মহিলাসকলে নিজৰ ঘৰখনৰ উন্নতিৰ বাবে কাৰোবাৰ পৰা সহায় ল’বলগীয়া হয়৷ সেইমতে মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়৷ এই মহিলাসকলক সকাহ দিয়াৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতিমৰ্মেই আজি চেক বিতণ কৰা হয়৷ সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে পূৰ্বে কেতিয়াও মহিলাসকলক সহায় কোনো এখন চৰকাৰে কৰা নাছিল৷ বৰ্তমান বিজেপি, ইউপিপিএল মিত্ৰ দলৰ চৰকাৰে সকলো ৰাইজকে সহায়-সহযোগিতা কৰাৰ বাবে আগবাঢ়ি আহিছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ দিয়াৰ লগতে উপস্থিত লোককো ধন্যবাদ দিবলৈ আহ৩ান জনায়৷ উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে পাঁচ হাজাৰ মহিলাক চেক বিতৰণ কৰে৷ আজিৰ এই অনুষ্ঠানত বৰমা আৰু তামুলপুৰ সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে– ভূপেন বড়ো আৰু জলেন দৈমাৰী, বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ লগতে কে’বাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here