Home অসম আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু : সন্ধিয়া আকাশ বন্তিৰে জ্যোতিষ্মান হব...

আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু : সন্ধিয়া আকাশ বন্তিৰে জ্যোতিষ্মান হব অসমৰ সেউজীয়া পথাৰ

224
0


পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ: আজি কাতি বিহু, অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম বিহু কাতি উদ্‌যাপনক লৈ ব্যস্ত প্ৰতিজন অসমীয়া৷ কাতি মাহটো অসমীয়াই এটা পৱিত্ৰ মাহ হিচাপে গণ্য কৰে৷ কৃষকৰ সপোনৰ খেতিডৰাই এতিয়া গেঁৰ ধৰিছে৷ চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব সমগ্ৰ ৰাজ্যবাসীয়ে৷ শস্যশ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া-অশান্তি দূৰ হোৱাৰ লগতে পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ উদ্দেশ্যে অতীজৰে পৰা পৰম্পৰাগতভাৱে কঙালী বিহু পালন কৰি অহা হৈছে৷ ইয়াৰ লগত সংগতি ৰাখি ভঁৰাল ঘৰ, গোহালি ঘৰ, তামোল, নাৰিকল আদি গছৰ তলতো প্ৰতিঘৰ অসমীয়াই চাকি-বন্তি জ্বলাব৷ মাজুলীবাসীয়েও কাতি বিহু উদ্‌যাপন বাবে ব্যস্ত হৈ পৰিছে৷ মাজুলীৰ সত্ৰ অনুষ্ঠানৰ লগতে গাঁওসমূহতো কাতি বিহু উদ্‌যাপন বাবে সাজু হৈ উঠিছে৷ ঘৰে ঘৰে তুলসী ভেটি নিৰ্মাণ কৰি তুলসী তলত চাকি জ্বলাই উদ্‌যাপন কৰিব বিহু৷ মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা কাতি বিহুৰ দিনা ২১যোৰা বন্তি প্ৰজ্বলন কৰি বিহু উদ্‌যাপন কৰি আহিছে৷ সত্ৰখনত প্ৰতিষ্ঠা কালৰে পৰা ৩৬৯ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইবাৰো সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱসকলে ২১যোৰা বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ বৈষ্ণৱৰ লগতে বিশ্ববাসীৰ সুখ-শান্তিৰ কামনা কৰিব৷ আলোকিত হ’ব আকাশ৷ ইতিমধ্যে সত্ৰখনত আকাশ বন্তিস্থলী সাজু কৰি তোলা হৈছে৷ পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কাইলৈ সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিব৷ এনেদৰেই বিহু উদ্‌যাপন কৰিব মাজুলীবাসীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here