Home Main Stories ঈদৰ কোৰবাণীক লৈ আজমলৰ আহ্বানক সৰ্বত্ৰে ধিক্কাৰ : ইউ ডি এফ প্ৰধানক...

ঈদৰ কোৰবাণীক লৈ আজমলৰ আহ্বানক সৰ্বত্ৰে ধিক্কাৰ : ইউ ডি এফ প্ৰধানক ক্ষুৰধাৰ সমালোচনা একাংশৰ

140
0


ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই ঃ বদৰুদ্দিন আজমলে কোৰবানী প্ৰসংগত জনোৱা আহ্বান অসমৰ ভালেমান ইছলাম ধৰ্মাৱলম্বী লোকে ইতিমধ্যে নস্যাৎ কৰিছে৷ বদৰুদ্দিন আজমলৰ নিজৰ দলৰে একাংশ নেতাই এনে আহ্বান কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি দৃঢ়তাৰে উল্লেখ কৰিছে৷ ইছলাম ধৰ্মৰ সৈতে কোনোধৰণৰ ৰাজনীতিৰ সম্পৰ্ক নাই৷ কোনোবা সংখ্যালঘু ৰাজনৈতিক নেতাই জাৰি কৰা আহ্বানক অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকে আওকাণ কৰাহে পৰিলক্ষিত হৈছে৷ কাৰণ এনে আহ্বান জনোৱাৰ বাবে বদৰুদ্দিন আজমলৰ কোনো এক্তিয়াৰ নাই, তেওঁক ইছলাম ধৰ্মৰ সকলো লোককে প্ৰতিনিধিত্ব কৰাৰ সৰ্বসন্মত অধিকাৰ কাৰো ফালৰ পৰা দিয়া হোৱা নাই৷ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰবানী সম্পৰ্কত স্পষ্টভাৱে নিৰ্দিষ্ট কোনো আহ্বান জনোৱা নাই, বৰঞ্চ তেওঁ আইনৰ মতে ঈদৰ কোৰবানীৰ ক্ষেত্ৰত আগবাঢ়িবলৈহে আহ্বান জনালে৷ এতিয়া অসমত এচাম অৰ্ধশিক্ষিত সংখ্যালঘু লোকক লৈ বদৰুদ্দিন আজমলে নিজৰ ব্যৱসায় আৰু ৰাজনীতিৰ সৈতে ধৰ্মক একাকাৰ কৰি পেলাইছে৷ অসমৰ ৰাইজে বদৰুদ্দিনৰ এই আহ্বানক সম্পূৰ্ণৰূপে নাকচ কৰি দিছে৷ এটা ৰাজনৈতিক দলৰ মুৰব্বীৰ এনে আহ্বানক সৰ্বত্ৰ ধিক্কাৰ দিছে৷ আনকি অসমৰ মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিবলৈও দাবী জনাইছে৷ আনকি তেওঁৰ সংগঠনৰে সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ আৰু মৌলানা ইয়াহিয়াই প্ৰকাৰান্তৰে বদৰুদ্দিনৰ আহ্বানৰ বিৰোধিতা কৰি এক নিৰ্ভেজাল তথা সৰ্বজন গ্ৰহণযোগ্য আহ্বান জনাইছে৷ তেওঁলোক দুয়োজন নেতাৰ মতে যিটো জন্তু কুৰবানীত ব্যৱহাৰ কৰিব তাৰ কোনো ফটো বা ভিডিঅ’ যাতে প্ৰচাৰ নকৰে আৰু সংযমী হৈ কুৰবানী সমাপন হোৱাৰ পিছত জন্তুৰ অলাগতিয়াল অংশসমূহ সযতনে মাটিৰে পুতি পেলাবলৈ কোৱাৰ লগতে তেওঁলোকে উল্লেখ কৰে যে এনে কৰিলে কোনো কাউৰী, শগুন, কুকুৰ ইত্যাদিয়ে যাতে জন্তুৰ হাড়-মূৰ মানুহৰ বসতি অঞ্চলত পেলাই সমস্যাৰ সৃষ্টি নকৰে৷ বদৰুদ্দিন আজমলক লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে এইবুলি ট্ৰ’ল কৰিছে যে সত্যৰঞ্জন আৰু বদৰুদ্দিন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷ আনকি বদৰুদ্দিনক আৰ এছ এছৰ এজেণ্ট বুলিও একাংশই উল্লেখ কৰি সৰ্বদিশতে ধিক্কাৰ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here