Home Main Stories বৰুৱা দম্পতীৰ হত্যাৰ নতুন মোৰ: আৰক্ষীৰ প্ৰহাৰৰ বাবেই হত্যাৰ কথা স্বীকাৰ কৰিবলৈ...

বৰুৱা দম্পতীৰ হত্যাৰ নতুন মোৰ: আৰক্ষীৰ প্ৰহাৰৰ বাবেই হত্যাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলো, আদালত চৌহদত আকাশ চৌধুৰীৰ বিস্ফোৰক মন্তব্য

411
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ নৱেম্বৰ : মহানগৰীৰ বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ কথা সকলোৰে মনত আছে৷ ৮০ ৰ ঊধ্বৰ্ৰ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক নৃসংশভাৱে হত্যা কৰা হৈছিল৷ উক্ত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীক৷আনকি বৰুৱা দম্পতীক হত্যা কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল আকাশ চৌধুৰীয়ে৷ কিন্তু বৰুৱা দম্পতীৰ এই হত্যাকাণ্ডই এতিয়া লৈছে নতুন মোৰ৷ আজি আদালত চৌহদত আকাশ চৌধুৰীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷ নিজৰ সন্তানৰ শপত খাই আকাশ চৌধুৰীক সাংবাদিকৰ আগত ঘোষণা কৰে বৰুৱা দম্পতীক তেওঁ হত্যা কৰা নাই৷ আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ বাবে হত্যাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল বুলি চৌধুৰীয়ে উল্লেখ কৰে৷ আজি সাংবাদিকৰ আগত তেওঁ এই বুলিও কয় যে আৰক্ষীয়ে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল৷ ইমানেই মাৰিছিল যে তেওঁ এতিয়া খোজ কাঢ়িব নোৱাৰে৷ বাচিবলৈহে তেওঁ তেনেকৈ ক’বলৈ বাধ্য হৈছিল বুলি চৌধুৰীয়ে নিজৰ সন্তানৰ শপত খাই উল্লেখ কৰে৷ যি কি নহওক, বৰুৱা দম্পতীৰ এই হত্যাকাণ্ডই এতিয়া নতুন মোৰ লৈছে৷ যদি আকাশ চৌধুৰীয়ে বৰুৱা দম্পতীক হত্যা কৰা নাই তেন্তে কোনে হত্যা কৰিলেঞ্জ মন কৰিবলগীয়া যে সাধাৰণতে প্ৰতিটো হত্যাকাণ্ডৰ ভিডিঅ’গ্ৰাফী কৰা হয়৷ কিন্তু বৰুৱা দম্পতীৰ এই হত্যাকাণ্ডৰ আৰক্ষীয়ে কৰা নাছিল কোনোধৰণৰ ভিডিঅ’গ্ৰাফী৷ এতিয়া আৰক্ষীৰ ভূমিকাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here