Home Uncategorized মধ্যভোগী আজমলৰ লগত লগ লাগি কৰিমুদ্দিনে সাতটা ভোট বিজেপিক দিয়াইছে : অখিল...

মধ্যভোগী আজমলৰ লগত লগ লাগি কৰিমুদ্দিনে সাতটা ভোট বিজেপিক দিয়াইছে : অখিল গগৈ

91
0


গণ বাৰ্তা, গোলাঘাট, ৪ এপ্ৰিল : ৰাজ্যসভাত ভোট বিক্ৰী বিতৰ্কই এতিয়াও ৰাজ্যৰ ৰাজনীতি কঁপাই আছে৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আজি পুনৰ সাংবাদিকৰ ওচৰত এআইইউডিএফ দলে অসুস্থ বিতৰ্কৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰে৷ অখিল গগৈয়ে ১৫ লাখ টকা লৈ বিজেপিক ভোট দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল এইআইইউডিএফৰ এজন বিধায়কে৷ সংবাদ মাধ্যমৰ মুখামুখি আলোচনাত বিতৰ্কৰ সৃষ্টি কৰি বিধায়ক কৰিমুদ্দিন বৰভূঞাই বিধায়ক অখিল গগৈক প্ৰত্যাহ৩ান দিছিল ফটো ভিডিঅ’ আছে বুলি আৰু লগতে লাই ডিটেক্টৰৰ সন্মুখীন হ’বলৈ আহ৩ান কৰিছিল৷ সেই প্ৰত্যাহ৩ানক আদৰণি জনাই অখিল গগৈয়ে ৪ এপ্ৰিলৰ ৰাতি ৯ বজালৈ লাই ডিটেক্টৰৰ ব্যৱস্থা কৰিবলৈ কৈছিল৷ আজি দিনৰ ১০ ৰ পৰা ১১ বজালৈ খাটাং সিদ্ধান্ত জনাব লাগিব বুলিও কৈছিল অখিল গগৈয়ে, কিন্তু কোনো ব্যৱস্থা নকৰিলে কৰিমউদ্দিন বৰভূঞাই৷ সোণাইৰ বিধায়কগৰাকীক উভতি ধৰি অখিল গগৈয়ে আজি গোলাঘাটত উপস্থিত হৈ কয় যে কৰিমুদ্দিনে মুখ্যমন্ত্ৰীৰ দালালী কৰে৷ এজন বিশিষ্ট মধ্যভোগী, আজমলৰ লগত লগ লাগি কৰিমুদ্দিনে এআইইউডিএফৰ সাতটা ভোট বিজেপিক দিয়াইছে৷ দালাল বিধায়কজনে মোৰ প্ৰত্যাহ৩ান গ্ৰহণ কৰিব নোৱাৰিলে বুলি ভৎৰ্সনা কৰি কয় সামান্য লজ্জা থাকিলে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ৷ এইবাৰ নিৰ্বাচনত দুজন কংগ্ৰেছী বিধায়কে গাদ্দাৰী কৰিছে বুলি প্ৰকাশ কৰি কয় যে ৰহা সমষ্টিৰ শশীকান্ত দাস, ছিদ্দিক আহমেদে বিশ্বাসঘাতকতা কৰিছে৷ এআইইউডিএফৰ সাতজনে বিজেপিক ভোটদান কৰিছে৷ তেওঁলোকক বিক্ৰী কৰি দিয়া হৈছে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰি ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ আৰু বিজেপিৰ মিত্ৰতা আছে বুলিও উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here